প্ৰহ্লাদ চৰিত : ১৬দশ কী : ৰামপদে ভজ....

|| ঘোষা ||: 

ৰামপদে ভজ ভাই৷

ঘুষিয়ো হৰি সদায়৷৷৩২৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

হিৰণ্যকশিপু শুনিয়া হেন৷

ক্রোধত আতি কাম্পে যম যেন৷৷

ঝঙ্কাৰে মাথা কৰি আতি দৰ্প৷

লাঠি পাই যেন ফোঙ্কাৰে সৰ্প৷৷৩৮৭৷৷

প্ৰহ্লাদ আছে অৱনত কায়৷

কৃতাঞ্জলি কৰি পিতৃক চাই৷৷

অসুৰে গৰ্জ্জয় কটাক্ষে চাই৷

খাইবো আজি তোৰ মুণ্ড পুতাই৷৷৩৮৮৷৷

শুন ৰে অধম নগণ মোক৷

দেখাইবো আজি যমপুৰী তোক৷৷

ত্ৰিদশে কাম্পে দেখি মোৰ খঙ্গ৷

কৰস কেনে তয়ি আজ্ঞা ভঙ্গ৷৷৩৮৯৷৷

শুনিয়া প্ৰহ্লাদে বোলয় বাণী৷

সৱাতো বৰ প্ৰভু চক্রপাণি৷৷

আছোক তুমি আমি কোনজন৷

ব্ৰহ্মা হৰে সেৱে যাৰ চৰণ৷৷৩৯০৷৷

তেহেন্তে পৰম ঈশ্বৰ দেৱ৷

বিষ্ণুত পৰে আন নাহি কেৱ৷৷

আপুন মায়াৰ বলে অনন্তে৷

স্ৰজন্ত পালন্ত সংহৰে অন্তে৷৷৩৯১৷৷

জানি পিতৃ এৰা অসুৰ কাম৷

আপুন মন কৰা উপশাম৷৷

শত্ৰু মিত্ৰ সৱ কৰিও সম৷

এহিসে কৃষ্ণৰ ভক্তি উত্তম৷৷৩৯২৷৷

নিজিনি শৰীৰৰ শত্ৰুচয়৷৷

জিনিলো দশোদিশ হেন কয়৷৷

জানিয়া পিতৃ এৰা অহঙ্কাৰ৷

ভজিয়ো হৰিক কহিলো সাৰ৷৷৩৯৩৷৷

শুনিয়া হিৰণ্যে বোলে বচন৷

জানিলো তোৰ মৰিবাক মন৷৷

মোক বিকৰ্থস অৰে বৰ্ব্বৰ৷

মোত পৰে আছে কোন ঈশ্বৰ৷৷৩৯৪৷৷

পেলাইবো কাটি তোক খাণ্ডা ধৰি৷

দেখো কেনমতে ৰাখন্ত হৰি৷৷

হৰিসে যদি জগতৰ ঈশ৷

কৈত আছে তাৰ কহ উদ্দিশ৷৷৩৯৫৷৷

শুনিয়া প্ৰহ্লাদে বোলয় বাণী৷

ব্যাপক বিভু প্ৰভু চক্রপাণি৷৷

সৱাতো আছন্ত জগত স্বামী৷

স্ফটিকৰ স্তম্ভে দেখোহো আমি৷৷৩৯৬৷৷

শুনি দৈত্যপতি দান্ত কামুৰি৷

ডাবৰ খড়্গ লৈলা আজুৰি৷৷

আসনৰ হন্তে আটোপে উঠি৷

ভাঙ্গিলা স্তম্ভক হানিয়া মুঠি৷৷৩৯৭৷৷

স্তম্ভৰ ভিতৰে শুনিল নাদ৷

প্ৰলয় মেঘৰ যেন শৱদ৷৷

ফুটিল কটাহ ভৈল বিস্ময়৷

ত্ৰিদশে বোলন্ত মিলে প্ৰলয়৷৷৩৯৮৷৷

যত বৰ দৈত্য আছে চৌপাশে৷

কাম্পে পৃথিৱীত পৰিয়া ত্ৰাসে৷৷

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে৷

বোলা হৰি হৰি সমস্ত নৰে৷৷৩৯৯৷৷