প্ৰহ্লাদ চৰিত : ১৩দশ কী : কেশৱ শিৱ শিৱ....

|| ঘোষা ||: 

কেশৱ শিৱ শিৱ ঘুষিও সদায়৷

ৰামনাম বিনে বান্ধৱ নাই৷৷২৯৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

কিসক দৈত্যেন্দ্ৰ আছা মনত বিকলে৷

তিনিয়ো লোকক তুমি জিনিলা একলে৷৷

তযু কটাক্ষতে কাম্পে দিকপালগণ৷

তোমাৰ চিন্তাৰ কিছু নেদেখো কাৰণ৷৷৩৫০৷৷

হেন জানি হুয়ো ৰাজা মনত সন্তোষ৷

শিশু ছৱালৰ কিছু নধৰিবা দোষ৷৷

বৰুণৰ পাশে বান্ধি থৈয়ো কত কাল৷

আপুনি বয়স ভৈলে বুদ্ধি হৈবে ভাল৷৷৩৫১৷৷

এহি হৌক বুলি পাছে মাতে দৈত্যেশ্বৰ৷

শিখায়োক আক ৰাজনীতি নিৰন্তৰ৷৷

হেন শুনি গুৰুপুত্ৰে আনি প্ৰহ্লাদক৷

মহাযত্নে পঢ়াইলন্ত দৈত্যৰ শাস্ত্ৰক৷৷৩৫২৷৷

তাক ভাল নমানন্ত প্ৰহ্লাদৰ মনে৷

কৰিলা নিবিড় চিত্ত কৃষ্ণৰ চৰণে৷৷

পঢ়াই শুনাই গুৰু যেৱে গৃহকামে যান্ত৷

দৈত্যশিশুসৱক মাতিয়া শিখাৱন্ত৷৷৩৫৩৷৷

দৈত্যশিশুসৱো পাছে আন ক্রীড়া এড়ি৷

প্ৰহ্লাদক গৌৰৱ কৰিয়া বসে বেঢ়ি৷৷

দায়ায়ে প্ৰহ্লাদে দেন্ত হিত-উপদেশ৷

শুনিয়োক বাণী দৈত্য দানৱ নিঃশেষ৷৷৩৫৪৷৷

অসাৰ সংসাৰ নাহি ইহাত বিশ্বাস৷

জানি হৰি ভকতিক কৰিও অভ্যাস৷৷

মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত৷

অৰ্দ্ধেক বিফলে যাই জানিবা নিদ্ৰাত৷৷৩৩৫৷৷

বিংশতি বৰিষ আয়ু যায় উমলন্তে৷

নেয় দশ বৰিষ ধনক উপাৰ্জ্জন্তে৷৷

বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি৷

একো কাৰ্য্য সাধিবাক নাহিকে শকতি৷৷৩৫৬৷৷

শৰীৰকো পীড়ে ব্যাধি চক্ষুয়ে নাকলে৷

আশা পাশ বান্ধিয়া গৃহত থাকি গলে৷৷

হেন জানি শিশুসৱ এৰা আন কৰ্ম৷

কৰিয়ো কুমাৰ কালে ভাগৱত ধৰ্ম্ম৷৷৩৫৭৷৷

দুৰ্ল্লভ মনুষ্য জন্ম নকৰা বিফল৷

চিন্তা মনে মাধৱৰ চৰণ কমল৷৷

হৰিসে সৱাৰো আত্মা বান্ধৱ ঈশ্বৰ৷

মায়াময় ইটো পুত্ৰ ভাৰ্য্যা কলেৱৰ৷৷৩৫৮৷৷

আৰ অৰ্থে ব্যৰ্থে কেনে কৰা আয়ুপাত৷

সৱাৰো হৃদয়ে বিষ্ণু আছন্ত সাক্ষাত৷৷

হেন জানি অসুৰ স্বভাৱ সৱে এৰি৷

সমস্ত প্ৰাণীক পূজা বিষ্ণু বুদ্ধি কৰি৷৷৩৫৯৷৷

তেৱেসে অল্পতে তুষ্ট হৈবে নাৰায়ণে৷

কোননো দুৰ্ল্লভ আছে হৰি সুপ্ৰসন্ন৷৷

হেন জানি বিষয়ত হুয়োক বিমুখ৷

পশু শৰীৰতো পাই বিষয়ৰ সুখ৷৷৩৬০৷৷

বাল্যক্রীড়া এৰি কৰা মাধৱক ধ্যান৷

নাৰদৰ মুখত শুনিলো ইটো জ্ঞান৷৷

স্বৰূপ কহিলো নাহি ইহাত সংশয়৷

বোলা হৰি হৰি হৌক পাপৰ প্ৰলয়৷৷৩৬১৷৷