|| পদ ||:
শ্ৰৱণ কীৰ্ত্তন স্মৰণ বিষ্ণুৰ
অৰ্চ্চন পদ সেৱন৷
দাস্য সখিত্ব বন্দন বিষ্ণুত
কৰিব দেহ অৰ্পণ৷৷
নৱবিধ ভক্তি বিষ্ণুত আচৰে
সেহিসে পাঠ উত্তম৷
হেন শুনি পাছে হিৰণ্যকশিপু
কোপে কাম্পে যেন যম৷৷৩৪০৷৷
গুৰুৰ পুত্ৰক চাহি দৈত্যপতি
পাৰিবে লাগিলা গালি৷
শুনৰে অধম ব্ৰাহ্মণ শিশুক
এহিসে পাঠ শিখাইলি৷৷
ষণ্ডামৰ্কে বোলে আনো নিশিকাঞো
ইটো নপঢ়াঞো আমি৷
তোমাৰ তনয় স্বভাৱে বোলয়
কোপ এৰা দৈত্যস্বামী৷৷৩৪১৷৷
শুনিয়া হিৰণ্য- কশিপু দুনাই
সোধয় কথা পুত্ৰত৷
গুৰু নিশিখাইলে হেন বিমঙ্গল
বাণী বোল কেনমত৷
প্ৰহ্লাদে বোলন্ত শুনিয়োক তাত
বিষয়ীৰ নাহি গতি৷
গুৰু উপদেশে আপুনাত হন্তে
নুপজে কৃষ্ণত ৰতি৷৷৩৪২৷৷
আপুনি বিষয়ী হুয়া যিটো জনে
বিষয়ীক গুৰু মানে৷
যেন অন্ধলাক অন্ধে উপদেশে
বিষ্ণুক সিটো নজানে৷৷
বৈষ্ণৱক যেৱে নকৰে উপাসা
মোহে অন্ধ মূঢ়মতি৷
শুনা পিতৃ তেৱে কৃষ্ণৰ চৰণ
নোছোৱে তাহাৰ মতি৷৷৩৪৩৷৷
হেন শুনি মহা- ক্রোধে দৈত্যৰাজ
জ্বলি গৈল অহঙ্কাৰী৷
মাটিক লাগিয়া পুত্ৰক পেহ্লাইল
কোলাৰ পৰা আছাৰি৷৷
ৰাক্ষসগণক ক্রোধে আদেশয়
মাৰ পাপিষ্ঠক বেঢ়ি৷
ভ্ৰাতৃবৈৰী বিষ্ণু তাকেসে সেৱয়
আমাত সৌহৃদ্য এৰি৷৷৩৪৪৷৷
প্ৰচণ্ড আদেশ শুনিয়া অশেষ
ৰাক্ষস উঠিল ৰাগি৷
হাতে শূল ধৰি খেখট কৰিয়া
ধাইল প্ৰহ্লাদক লাগি৷৷
কাট মাৰ বুলি বেঢ়িয়া সন্ধানে
দিলেক শূলৰ জাক৷
বিষ্ণুক সুমৰি প্ৰহ্লাদ কুমাৰে
কটাক্ষো নকৰে তাক৷৷৩৪৫৷৷
ভোটা হুইয়া শূল উফৰি পৰিল
দেখি আছে সৰ্ব্বজনে৷
হেন অদভূত দেখি দৈত্যপতি
পৰম শঙ্কিত মনে৷৷
দিগ্গজগণক আদেশ কৰিলা
দিগ্গজো ভিৰিল দান্তে৷
জলত ডুবায়া পৰ্ব্বত উপৰে
পেহ্লায়া কতোহো ঝান্তে৷৷৩৪৬৷৷
মহাসৰ্পগণে বেঢ়িয়া দংশয়
তাৰো দান্ত গৈল ভাগি৷
পৰ্ব্বত শিখৰে তুলিয়া কতোহো
পেলাৱে মাটিক লাগি৷৷
গাত খানি কতো পোতে প্ৰহ্লাদক
কৰাৱে বিষক পান৷
হাতে গলে বান্ধি অগ্নিত পেহ্লাৱে
তথাপি নযায় প্ৰাণ৷৷৩৪৭৷৷
বিষ্ণুৰ চৰণ চিন্তিয়া প্ৰহ্লাদে
আছন্ত নিৰ্ভয় ভাৱে৷
দেখি দৈত্যপতি মনত চিন্তিয়া
শ্ৰুতি নাই তাৰ গাৱে৷৷
আছোক মৰিব ভয় নুপজয়
নেৰয় আমাৰ পাশ৷
ইহাৰ বিৰোধে জানিলো অৱশ্যে
মোহোৰ হৈব বিনাশ৷৷৩৪৮৷৷
দুৰন্ত চিন্তায়ে শ্ৰীহানি ভৈল
নমাইল মলিন মুখ৷
পাছে ষণ্ডামৰ্কে বিৰলে বিনাৱে
দৈত্যেন্দ্ৰৰ দেখি দুঃখ৷৷
প্ৰহ্লাদ চৰিত ৰচিল শঙ্কৰে
কৃষ্ণৰ কিঙ্কৰে এৱে৷
বোলা হৰি হৰি সংসাৰক তৰি
বৈকুণ্ঠক যাইবা যেৱে৷৷৩৪৯৷৷