|| পদ ||:
অনন্তৰে শিৰত ধৰিয়া কৃতাঞ্জলি৷
ব্ৰহ্মা ৰুদ্ৰ আদি দেৱগণ আইলা চলি৷৷
বৈকুণ্ঠৰ পৰা পাৰিষদগণ আসি৷
থাকি গৈলা নৃসিংহৰ চৌপাশে উপাসি৷৷৪২৫৷৷
পৃথকে পৃথকে স্তুতি কৰিবাক লৈলা৷
প্ৰথমতে ব্ৰহ্মা কৰযোৰে আগ ভৈলা৷৷
প্ৰণামো অনন্ত তুমি দুৰন্ত শকতি৷
লীলায়ে সংহৰি প্ৰভু কৰা সৃষ্টি স্থিতি৷৷৪২৬৷৷
কেমনে জানিবো তযু বীৰ্য্য পৰাক্রম৷
এহিবুলি ব্ৰহ্মাদেৱ পৰিল নিজম৷৷
অনন্তৰে শঙ্কৰে বুলিল স্তুতি বাণী৷
মাৰিলা অসুৰ ইটো আতি অল্প প্ৰাণী৷৷৪২৭৷৷
তোমাৰ কোপত হোৱে জগতে প্ৰলয়৷
ভক্ত প্ৰহ্লাদক প্ৰভু পালিবে লাগয়৷
এহিবুলি মহাদেৱে থাকিলা নিচুকি৷
আগবাঢ়ি ইন্দ্ৰে তুতি কৰিলা উৎসুকি৷৷৪২৮৷৷
দৈত্যে আক্রমিলে প্ৰভু আমাৰ হৃদয়৷
সপোনে সচেতে আমি দেখো দৈত্যময়৷৷
দানৱক মাৰি আৱে গুচাইলা দুৰ্গতি৷
কোননো নসাধে প্ৰভু তোমাৰ ভকতি৷৷৪২৯৷৷
ঋষিগণে বোলে নমি ভৈল মহাৰঙ্গ৷
কৰিলেক আমাৰ পাতকী তপভঙ্গ৷৷
তাক মাৰি সাধিলা আমাৰ মনোৰথ৷
থাপিলা দুনাই জগন্নাথ ধৰ্ম্মপথ৷৷৪৩০৷৷
পিতৃগণে বোলে নৃসিংহক নমি বাক৷
পুত্ৰগণে দেই শ্ৰাদ্ধ যতেক আমাক৷৷
দৈত্যেন্দ্ৰ আপুনি ভুঞ্জে সৱে কাঢ়ি নিয়া৷
কিনো ৰঙ্গ ভৈল তাৰ বিদাৰিলা হিয়া৷৷৪৩১৷৷
নাগগণে বোলে নৃসিংহক আগবাঢ়ি৷
ভাল ভাল স্ত্ৰীক সৱে আনিলন্ত কাঢ়ি৷৷
সাধিলা আনন্দ তাৰ হৃদয় বিদাৰি৷
প্ৰণামো অনন্ত ভকতৰ ভয়হাৰী৷৷৪৩২৷৷
বৈতালিকগণে বোলে শুনিয়ো গোসাঁই৷
দেৱৰ সভাত ফুৰো তযু গুণ গাই৷৷
তাকো নিষেধিল দুষ্ট দানৱ দুৰ্ব্বাৰ৷
তাক মাৰি ব্যাধি যেন গুচাইলা আমাৰ৷৷৪৩৩৷৷
পাৰিষদগণে বোলে চৰণে নমিলো৷
তোমাৰ নৃসিংহ ৰূপ আজিসে দেখিলো৷৷
তযু ভৃত্য ইটো দৈত্য ভৈলা শাপ পায়া৷
নমাৰিলা প্ৰভু আক কৰিলাহা দায়া৷৷৪৩৪৷৷
এহিমতে আনো দেৱে কৰিলন্ত স্তুতি৷
যুধিষ্ঠিৰ ৰাজাত নাৰদ নিগদতি৷৷
তথাপি নুগুচে নৃসিংহৰ মহাক্রোধ৷
দেখি দেৱগণে দেন্ত লক্ষ্মীক প্ৰবোধ৷৷৪৩৫৷৷
স্বামীৰ গুচায়ো ক্ৰোধ জগতৰ মাৱ৷
শুনি লক্ষ্মীদেৱী উঠি চালিলন্ত গাৱ৷৷
নৃসিংহৰ মহা ভয়ঙ্কৰ ৰূপ দেখি৷
ডৰে উলটিলা দেৱী মুদি দুয়ো আখি৷৷৪৩৬৷৷
পাছে প্ৰহ্লাদক ব্ৰহ্মা লগাইলন্ত মাত৷
নৃসিংহৰ কোপ বাপ কৰা উপশান্ত৷
পৰম ভকত তঞি হিৰণ্য তনয়৷
বোলা হৰি হৰি হৌক পাপৰ প্ৰলয়৷৷৪৩৭৷৷