|| পদ ||:
বোলন্ত প্ৰহ্লাদ উঠ উঠ৷
তোৰ ভক্তিত ভৈলো মহা তুষ্ট৷৷
লৈয়ো বৰ তোৰ যেন মন৷
বৃথা নোহে মোৰ দৰিশন৷৷৪৪৭৷৷
মোক দেখিলেক যিটোজন৷
নাহি তাৰ পুনৰাগমন৷৷
ভকতৰ পূৰো মনোৰথ৷
দেঞো কাম মোক্ষ ধৰ্ম্ম অৰ্থ৷৷৪৪৮৷৷
এহি বুলি প্ৰলোভন্ত বৰ৷
নবাঞ্ছন্ত প্ৰহ্লাদ কুমৰে৷৷
ভক্তিসে পৰম লাভ জানি৷
বিষ্ণুক বোলন্ত হাসি বাণী৷৷৪৪৯৷৷
জানো প্ৰভু পৰীক্ষা আমাক৷
সিহেতু বুলিলা হেন বাক৷৷
বাঞ্ছে ফল কৰি তযু কৃত্য৷
সিটো বাণিজাৰু নোহে ভৃত্য৷৷৪৫০৷৷
তোমাৰ অকাম ভৃত্য আমি৷
তুমিও নিষ্কাম মোৰ স্বামী৷৷
নাহি কাম আমাৰ অন্যথা৷
নুহি ৰাজসেৱকৰ যথা৷৷৪৫১৷৷
শুনি নৰসিংহে হাসিলন্ত৷
জানো তঞি ভকত একান্ত৷৷
তথাপিতো ইটো মন্বন্তৰ৷
হুয়া থাক দৈত্যৰ ঈশ্বৰ৷৷৪৫২৷৷
সদায়ে শুনিবি মোৰ কথা৷
মোৰ ৰূপ চিন্তিবি সৰ্ব্বথা৷৷
কীৰ্ত্তনে পলাইবে পাপচয়৷
ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়৷৷৪৫৩৷৷
তোৰ যশ ব্যাপিব জগতে৷
ৰাত্ৰি দিনে মোক সুমৰন্তে৷৷
সৱে কৰ্ম্মবন্ধ হৈব ক্ষীণ৷
অন্তকালে মোত যাইবি লীন৷৷৪৫৪৷৷
তোৰ মোৰ কথা যিটো নৰে৷
তোক মোক সময়ত স্মৰে৷৷
সিও জনে মোক পাইব আসি৷
প্ৰহ্লাদে মাতন্ত পাছে হাসি৷৷৪৫৫৷৷
তযু পাৱে মাগো এক বৰ৷
তুমি প্ৰভু জগত ঈশ্বৰ৷৷
তোমাক নিন্দিলে পিতৃ মোৰ৷
সিজিল পাতক মহাঘোৰ৷৷৪৫৬৷৷
তাত হন্তে পিতৃ নিস্তৰোক৷
এতেক প্ৰসাদ দিয়া মোক৷৷
তুমি দীন দয়াশীল দেৱ৷
তোমাৰ চৰণে কৰো সেৱ৷৷৪৫৭৷৷
কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে৷
নেৰিবা কীৰ্ত্তন একো নৰে৷৷
আজি কালি মিলিবে মৰণ৷
হৰি হৰি বোলা সৰ্ব্বজন৷৷৪৫৮৷৷