|| পদ ||:
দেৱে যেৱে উপাসন্তে আছে৷
পৰিল আকাশীবাণী পাছে৷৷
দেৱগণ নকৰিবা ভয়৷
কৰিবোহো দৈত্যৰ প্ৰলয়৷৷৩১৬৷৷
ইটো দুঃখ হৈব উপশান্তি৷
শুনা তাৰ মৰণৰ খ্যান্তি৷৷
তাৰ পুত্ৰ বৈষ্ণৱ প্ৰহ্লাদ৷
তাঙ্ক কৰে যৈসানি বিবাদ৷৷৩১৭৷৷
তেৱে তাক কৰিবো নিৰ্য্যাণ৷
ভকতেসে জানা মোৰ প্ৰাণ৷৷
তান পীড়া শৰীৰে নসহে৷
ভকতৰ দুখে হৃদি দহে৷৷৩১৮৷৷
নিৰ্ভয়ে থাকিয়ো দেৱগণ৷
অল্পতে সিজিবে প্ৰয়োজন৷৷
দেৱগণ নিৱৰ্ত্তিয়া গৈল৷
দৈত্যেন্দ্ৰৰ চাৰিপুত্ৰ ভৈল৷৷৩১৯৷৷
প্ৰহ্লাদ বৈষ্ণৱ ভৈলা আতি৷
বিষ্ণুক চিন্তন্ত দিনে ৰাতি৷৷
ইন্দ্ৰিয়ক কৰিয়া নিয়ম৷
প্ৰাণীক দেখন্ত আত্মসম৷৷৩২০৷৷
ৰূপে গুণে বিদ্যাত পাৰ্গত৷
নাহি গৰ্ব্ব তথাপি মনত৷৷
দুখতো উদ্বেগ নাহি চিত্ত৷
নাহি স্পৃহা সুখতো কিঞ্চিত৷৷৩২১৷৷
অসুৰ স্বভাৱ এৰিলন্ত৷
কাম জিনি ভৈল উপশান্ত৷৷
মহাবৈৰী হুয়া দেৱজাক৷
সাধু বুলি বখানন্ত তাক৷৷৩২২৷৷
পাঞ্চ বৰিষতে মহামতি৷
ক্রীড়া এৰি কৰন্ত ভকতি৷৷
নিতান্তে হৰিক কৰে ধ্যান৷
হৰি বিনে নেদেখন্ত আন৷৷৩২৩৷৷
সদায়ে কৃষ্ণৰ গুণ কহে৷
চিত্তত ধৰিল কৃষ্ণ গ্ৰাহে৷৷
নেৰে মনে গোৱিন্দৰ পাৱ৷
কৃষ্ণত উপজে প্ৰেমভাৱ৷৷৩২৪৷৷
কৃষ্ণক চিন্তন্তে দ্ৰৱে মন৷
কেহো বেলা কৰন্ত ক্রন্দন৷৷
কেহো বেলা হাসন্ত আহ্লাদে৷
কতো গুণ গাৱন্ত প্ৰহ্লাদে৷৷৩২৫৷৷
গোৱিন্দক আনন্দে ডাকন্ত৷
লাজ এৰি কতোহো নাচন্ত৷৷
হৰি বুদ্ধি হোৱে আপুনাক৷
কতো কৰে কৃষ্ণৰ চেষ্টাক৷৷৩২৬৷৷
আনন্দে লোতক যায় বহি৷
নমাতি থাকন্ত কতো ৰহি৷৷
হৰিষতে তনু ৰোমাঞ্চিত৷
কৃষ্ণতে একান্ত ভৈল চিত্ত৷৷৩২৭৷৷
এহিমতে কৰন্ত ভকতি৷
আন বিষয়ত নাহি ৰতি৷৷
কৃষ্ণৰ কিঙ্কৰে এহু ভণে৷
হৰি হৰি বোলা সৰ্ব্বজনে৷৷৩২৮৷৷