প্ৰহ্লাদ চৰিত : ১৫দশ কী : দুৰাচাৰ মন ....

|| ঘোষা ||: 

দুৰাচাৰ মন মোৰ ৰাম হৰি বোল৷৷

ৰাম হৰি বোল মন ৰাম হৰি বোল৷৷৩১৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

কৃষ্ণৰ চৰণে হৈবে যিমতে ভকতি৷

শুনা সাৱধানে তাক স্থিৰ কৰি মতি৷৷

বিষ্ণুভকতৰ সঙ্গ লৈবা প্ৰথমতে৷

গুৰু মানি শুশ্ৰূষা কৰিবা ভালমতে ৷৷৩৭৫৷৷

লৈয়া উপদেশ মাধৱক আৰাধিবা৷

যতেক সুকৃতি মানে কৃষ্ণতে অৰ্পিব৷৷

কৃষ্ণকথা শ্ৰৱণত শুদ্ধ হৈব মন৷

সৰ্ব্বদায়ে কৰিবেক কৃষ্ণৰ কীৰ্ত্তন৷৷৩৭৬৷৷

কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত৷

আছন্ত ঈশ্বৰ হৰি সমস্তে ভূতত৷

হেনজানি প্ৰাণীক কৰিবা সতকাৰ৷

তেৱেসে কৃষ্ণক ৰতি হৈবেক তোমাৰ৷৷৩৭৭৷৷

হৰিৰ সেৱাত কিছু নাহিকে প্ৰয়াস৷

আপুনি লৈবন্ত হৰি হৃদয়ত বাস৷৷

আপুনি জীৱৰ সাক্ষী কৃষ্ণ কৃপাময়৷

তাঙ্ক এৰি সামান্যক সেৱে দুৰাশয়৷৷৩৭৮৷৷

ধন জন প্ৰাণ পুত্ৰ যত পৰিবাৰ৷

সমস্তে অবস্তু অণুমাত্ৰো নুহি সাৰ৷৷

হেন অনুমানি মাধৱত কৰা ৰতি৷

ইহ পৰলোকে হৰি চৰণেসে গতি৷৷৩৭৯৷৷

নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হুইবে৷

নলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে৷

তপ জপ যজ্ঞ দান সৱে বিড়ম্বন৷

কেৱল ভক্তিত তুষ্ট হোন্ত নাৰায়ণ৷৷৩৮০৷৷

যক্ষ ৰক্ষ স্ত্ৰী শূদ্ৰ যত ব্ৰজবাসী৷

পক্ষী মৃগো বিষ্ণু ভৈল কৃষ্ণক উপাসি৷৷

জানি দৈত্যশিশুসৱ হুয়ো একমতি৷

হৰিত কৰিয়ো সৱে একান্ত ভকতি৷৷৩৮১৷৷

এহিমাত্ৰ মহাপুৰুষাৰ্থ পুৰুষৰ৷

শ্ৰৱণ কীৰ্ত্তন কৰিবেক নিৰন্তৰ৷৷

সমস্ত ভূততে দেখিবেক নাৰায়ণ৷

আতপৰে আন ধৰ্ম্ম সৱে বিড়ম্বন৷৷৩৮২৷৷

হেন শুনি নিৰন্তৰে দৈত্যশিশুগণ৷

প্ৰহ্লাদৰ উপদেশে ভেদিলেক মন৷৷

গুৰুৰ শিক্ষাত আউৰ কেহো নেদে মতি৷

ভাগৱত ধৰ্ম্মত সৱাৰো ভৈল ৰতি৷৷৩৮৩৷৷

শুনে কৃষ্ণকথাক মনত চিন্তে হৰি৷

ৰামনাম গাৱে বাৱে বেঢ়িয়া চাপৰি৷৷

দেখি ক্রোধে ষণ্ডামৰ্কে দণ্ডি কৰে আনি৷

তথাপি আটাস পাৰি বোলে ৰামবাণী৷৷৩৮৪৷৷

অদ্ভুত দেখিয়া দুয়ো গুৰু গৈলা ডৰি৷

দিলেক লৱৰ প্ৰহ্লাদৰ হাতে ধৰি৷৷

ৰাজাত বিনাৱেতযু পুত্ৰ ভৈল নষ্ট৷

আনো সৱ শিশুক কৰিলে সৱে ভ্ৰষ্ট৷৷৩৮৫৷৷

নপঢ়য় শাস্ত্ৰ আৰ প্ৰভু এক ছাত্ৰ৷

মৰণকো নগণয় ৰাম বোলে মাত্ৰ৷৷

আমাক দণ্ডিবা পাছে দিলো আসি জান৷

বোলা হৰি হৰি হৌক পাপৰ নিৰ্য্যাণ৷৷৩৮৬৷৷