|| পদ ||:
দূৰতে ধৰ্ম্মক পৰিহৰি৷
যিটো চিন্তে হৃদি ৰূপ ধৰি৷৷
নিতান্তে কীৰ্ত্তন মাত্ৰ কৰে৷
বৈকুণ্ঠত থাকে সিটো নৰে৷৷২২৭৷৷
অন্যো অন্যে হৰিকথা গাৱে৷
শিহৰে শৰীৰ প্ৰেম ভাৱে৷৷
আনন্দে লোতক পৰে ঝৰি৷
গেৰি পাৰি বোলে ৰাম হৰি৷৷২২৮৷৷
বৈকুণ্ঠ নগৰী নিৰুপম৷
নাহি যাত কালৰ বিক্রম৷৷
তাক পায়া ভকতসকলে৷
মজিল আনন্দ সিন্ধুজলে৷৷২২৯৷৷
বৈকুণ্ঠত কেশৱ সাক্ষাত৷
শুতি থাকা অনন্ত শয্যাত৷৷
লক্ষ্মীৰ কোলাত থৈয়া ভৰি৷
লক্ষ্মীয়ো ঝাণ্টন্ত হাতে ধৰি৷৷২৩০৷৷
মূৰ্ত্তি ধৰি বেদ শাস্ত্ৰগণ৷
কৰে বেঢ়ি মহিমা কীৰ্ত্তন৷৷
চৈধ্য ভুৱনৰ বন্দ্য স্থান৷
যাক কৃষ্ণে কৰিলা নিৰ্ম্মাণ৷৷২৩১৷৷
হেন বৈকুণ্ঠত চাৰি মুনি৷
ভ্ৰমন্ত কীৰ্ত্তন ধ্বনি শুনি৷৷
কৃষ্ণৰ আৱাস পাইলা পাছে৷
ৰত্নময় দ্বাৰসৱ আছে৷৷২৩২৷৷
লগাই আছে হীৰাৰ কপাট৷
ৰত্নে বিৰচিত যত বাট৷৷
হেন দ্বাৰচয় চড়াই পাছে৷
দেখন্ত দুগোটা দ্বাৰী আছে৷৷২৩৩৷৷
সপ্তম দ্বাৰৰ দুই পাশে৷
দুইৰো শিৰে কিৰীটি প্ৰকাশে৷৷
পদ্মনেত্ৰ বদন মণ্ডলে৷
শোভে গণ্ড মকৰকুণ্ডলে৷৷২৩৪৷৷
সুন্দৰ নাসিকা অল্প হাস৷
চাৰু শ্যাম তনু পীতবাস৷৷
যেন কুন্দকৰি দন্তপান্তি৷
কেয়ূৰ কঙ্কণে কৰে কান্তি৷৷২৩৫৷৷
দুইৰো চতুৰ্ভুজ আতি জ্বলে৷
বনমালা শোভে বক্ষস্থলে৷৷
সেৱে তাক ভ্ৰমৰে গুঞ্জৰি৷
দুয়ো দিব্য গদা আছে ধৰি৷৷২৩৬৷৷
দেখে পাছে হেন দুয়ো দ্বাৰী৷
বিবস্ত্ৰে আসন্ত সিদ্ধ চাৰি৷৷
নুসুধি পশন্ত অভ্যন্তৰ৷
কোপে দুয়ো কম্পাৱে অধৰ৷৷২৩৭৷৷
মুখ কৰি ভ্ৰূকুটি কুটিল৷
বেতে ঠেলি চাৰিকো খেদিল৷৷
কৃষ্ণৰ কিঙ্কৰে এভু ভণে৷
হৰি হৰি বোলা সৰ্ব্বজনে ৷৷২৩৮৷৷