|| পদ ||:
দিতিৰ গৰ্ভে দুয়ো ভৈলা জাত৷
হিৰণ্যকশিপু নামে প্ৰখ্যাত৷৷
হিৰণ্যাক্ষ নামে কনিষ্ঠ তাৰ৷
যুদ্ধত বৰাহে চিন্তিলা মাৰ৷৷২৯৩৷৷
শুনিয়া হিৰণ্যে ভ্ৰাতৃৰ বধ৷
ক্রোধে আৰকত চক্ষু তবধ৷৷
শূলক তুলি গৰ্জ্জে দৈত্যনাথ৷
দশন কামুৰি ঝঙ্কাৰে মাথ৷৷২৯৪৷৷
দানৱগণক মাতে সম্বুধি৷
মাৰিবো বৰাহক শূলে বিন্ধি৷৷
বধিলে আমাৰ ভ্ৰাতৃ কনিষ্ঠ৷
দেৱ ব্ৰাহ্মণৰ চিন্তা অনিষ্ট৷৷২৯৫৷৷
পৃথিৱীক লাগি কৰা গমন৷
তপ জপ যজ্ঞ কৰিয়ো ছন্ন৷৷
বিষ্ণুসে সৱাৰ জানা আশ্ৰয়৷
গৰু ব্ৰাহ্মণৰ কৰা প্ৰলয়৷৷২৯৬৷৷
হেনয় আজ্ঞা কৰি দৈত্যৰাজ৷
ভ্ৰাতৃৰ পাছে কৰি প্ৰেতকাজ৷৷
কথায়ে আশ্বাস কৰি দিতিক৷
তপক লাগি গৈলা মন্দৰক৷৷২৯৬৷৷
আকাশ চাই উৰ্দ্ধবাহু হুই৷
থাকিলা ভূমিক অঙ্গুষ্ঠে ছুই৷৷
জঁটাৰ দীপিতি দেখন্তে ত্ৰাস৷
প্ৰলয় সূৰ্য্যৰ যেন প্ৰকাশ৷৷২৯৮৷৷
ব্ৰহ্মাক চিন্তিয়া আছে মনত৷
বহি গৈল দিব্য বৰিষ শত৷৷
ঢাকিল তনু উঁই মাটি তুলি৷
শৰীৰৰ মাংস খাইলে সমূলি৷৷২৯৯৷৷
গজিল তাক ঢাকি বেৰুঝাৰ৷
তথাপি কটাক্ষ নাহিকে তাৰ৷৷
শিৰৰ বহ্নি বজাই তপোময়৷
তাৰ তাপে ভৈল জগতে ভয়৷৷৩০০৷৷
সঘনে ভূমি কম্পে নিৰন্তৰ৷
খলকিল জল সাতো সাগৰ৷৷
সঞ্চাৰে তাৰা গ্ৰহ অসংখ্যাত৷
দশোদিশে ভৈল উলুকাপাত৷৷৩০১৷৷
হেন দেখি ভৈল ত্ৰিদশে ত্ৰাস৷
স্বৰ্গ এৰি গৈল ব্ৰহ্মাৰ পাশ৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে৷
বোলা হৰি হৰি সমস্ত নৰে৷৷৩০২৷৷