প্ৰহ্লাদ চৰিত : ৫ম কী : গতি মোৰ গতি...

|| ঘোষা ||: 

গতি মোৰ গতি মোৰ গোৱিন্দ দেৱ৷

মাধৱ বিনা বন্ধু নাহি কেৱ৷৷২১৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত

|| পদ ||: 

কৰিলা তুতি চাৰি মহামুনি৷

চাৰিকো মাধৱে মাতন্ত গুণি৷৷

পাৰিষদ জয় বিজয় মোৰ৷

কৰিল মহা অপৰাধ ঘোৰ৷৷২৬৪৷৷

বিহিলা উচিত দণ্ড ইহাক৷

কদৰ্থিলা দুয়ো আতি আমাক৷৷

সেৱকে যদি কৰে অপকাৰ৷

পাৱে অপযশে স্বামীক তাৰ৷৷২৬৫৷৷

ক্ষমিয়ো মোক চাৰি মহাশিষ্ট৷

ব্ৰাহ্মণগণ মোৰ মহা ইষ্ট৷৷

বিপ্ৰ সেৱাতেসে আমাৰ খ্যাতি৷

চণ্ডালকো কৰে পৱিত্ৰ আতি৷৷২৬৬৷৷

তোমাৰ ইন্দ্ৰে কৰে অপৰাধ৷

কাটিবো ইন্দ্ৰক নাহিকে বাধ৷৷

বিপ্ৰৰ মুখে ভুঞ্জো যেন কৰি৷

বহ্নিৰ হোমে নোহে তাঙ্ক সৰি৷৷২৬৭৷৷

আমাৰ তনু যত বিপ্ৰগণ৷

তাসম্বাৰ দ্ৰোহ চিন্তে যি জন৷৷

যমৰ দূতে কৰে তাক দণ্ডি৷

গৃধ্ৰগণে খায় মাংসক ছিণ্ডি৷৷২৬৮৷৷

পাৰন্ত গালি যদি বিপ্ৰে আসি৷

প্ৰণাম কৰে যিটো তাঙ্ক হাসি৷৷

সম্বোধি প্ৰবোধে সাধু বচনে৷

কৰিলেক বশ্য মোক সি জনে৷৷২৬৯৷৷

পাৰিষদ জয় বিজয় দুই৷

তোমাসাৰ শাপে অসুৰ হুই৷৷

দুনাই বৈকুণ্ঠক ঝাণ্টে আসোক৷

হেন অনুগ্ৰহ কৰিয়ো মোক৷৷২৭০৷৷

আছন্ত সৱে যদি খেদ চিত্তি৷

কৃষ্ণ বাক্যামৃতে ভৈল তৃপিতি৷৷

কৃষ্ণৰ বাক্যক কৰি বিচাৰ৷

নুবুজিলা কিছু আশয় তাৰ৷৷২৭১৷৷

মিলিল আনন্দ দ্ৰৱিল চিত্ত৷

লোতক স্ৰৱে তনু ৰোমাঞ্চিত৷৷

কৃতাঞ্জলি কৰি কৃষ্ণক চাই৷

মাতন্ত চাৰিয়ো মুনি দুনাই৷৷২৭২৷৷

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে কহে৷

জানা চিৰকাল দেহা নৰহে৷৷

কৃষ্ণৰ কীৰ্ত্তনে সাধিয়ো গতি৷

বোলা হৰি হৰি একান্ত মতি৷৷২৭৩৷৷