|| পদ ||:
ব্ৰহ্মাক প্ৰণামি বুলিলন্ত দেৱজাক৷
সৃষ্টি নষ্ট হোৱে কেনে নৰাখা আমাক৷৷
দৈত্যেন্দ্ৰৰ দেখি ঘোৰ তপৰ দীপিতি৷
স্বৰ্গত থাকিবে কাৰ বাপৰ শকতি৷৷৩০৩৷৷
ব্ৰহ্মপদ তোমাৰ কৰিবে চাৱে ছন্ন৷
ভিন্ন সৃষ্টি কৰিবাক দৈত্যৰ যতন৷৷
হেন জানি বিধি কৰিয়োক প্ৰতিকাৰ৷
যাৱে নতু নষ্ট হোৱে সমস্ত সংসাৰ৷৷৩০৪৷৷
হেন শুনি ব্ৰহ্মা লৰি গৈলা হংসযানে৷
তপ কৰি আছৈ দৈত্যপতি যিটো স্থানে
তপৰ মহিমা দেখি ভৈলন্ত বিস্ময়৷
বোলন্ত উঠিয়ো আৱে কশ্যপ তনয়৷৷৩০৫৷৷
শৰীৰৰ মাংসক খাইলেক তোৰ উঁই৷
তথাপি আৰাধ মোক একচিত্ত হুই৷৷
হেন তপ কৰন্তা নাহিকে সংসাৰত৷
যেহি লাগে বৰ আৱে লৈয়ো অভিমত৷৷৩০৬৷৷
এহি বুলি ব্ৰহ্মা জলে কৰিলন্ত শান্তি৷
ভৈল অঙ্গ পূৰ্ণ তপ্ত সুৱৰ্ণৰ কান্তি৷৷
বজ্ৰসম সুদৃঢ় তৰুণ কলেৱৰ৷
উঠিল মাটিৰ পৰা পাছে দৈত্যেশ্বৰ৷৷৩০৭৷৷
ব্ৰহ্মাক দেখিল হংসযানে আছে চড়ি৷
মিলিল আনন্দ প্ৰণামিলা পাৱে পৰি৷৷
হৰিসে লোতক পৰে ৰোমাঞ্চিত গাৱে৷
কৰিল অনেক স্তুতি আতি নম্ৰভাৱে৷৷৩০৮৷৷
বিধাতাক বোলে যদি মোক দিয়া বৰ৷
তুমি স্ৰজি আছা যত প্ৰাণী নিৰন্তৰ৷৷
কাতো হন্তে নুহিবেক মোহোৰ মৰণ৷৷
ত্ৰৈলোক্যৰ লোকে লৌক আমাত শৰণ৷৷৩০৯৷৷
নমৰিবো ৰাত্ৰিত দিনত মৃত্যু নৌক৷
অস্ত্ৰে শস্ত্ৰে বধিবাক নৱাৰোক মোক৷৷
মিলোক মহিমা মোৰ তোমাৰ সমান৷
দিয়ো এহি বৰ ব্ৰহ্মা নমাগোহো আন৷৷৩১০৷৷
ব্ৰহ্মায়ে বোলন্ত হাসি শুনা দৈত্যেশ্বৰ৷
যদ্যপি দুৰ্ল্লভ বাপ ইটো মহা বৰ৷৷
তথাপিতো দিলো বৰ বাঞ্ছা হৌক সিদ্ধি৷৷
এহি বুলি নিজ স্থানে চলি গৈলা বিধি৷৷৩১১৷৷
হেন বৰ পায়া বল বাঢ়িল অশেষ৷
ভ্ৰাতৃবৈৰী বুলি কৰে মাধৱক দ্বেষ৷৷
তিনিয়ো লোকক বশ্য কৰি দৈত্যপতি৷
কাঢ়ি লৈল বলে মহেন্দ্ৰৰ অম্ৰাৱতী৷৷৩১২৷৷
ভয়ে দাৰুণক ত্ৰিজগতে কৰে সেৱ৷
ব্ৰহ্মা বিষ্ণু ৰূদ্ৰ বিনে খাটে সৰ্ব্বদেৱ৷৷
এহি মতে দিব্য ভোগ ভুঞ্জিয়া অশেষ৷
বহি গৈল অসংখ্যাত সহস্ৰ বৰিষ৷৷৩১৩৷৷
দেৱতাগণৰ আৰ নাহি সুখ শান্তি৷
নপান্ত উপায় একো মনে গুণি গান্থি৷৷
কৃষ্ণৰ চৰণে সৱে লৈলন্ত শৰণ৷
হৰি বিনে নাহি আউৰ দুৰ্গতি তাৰণ৷৷৩১৪৷৷
এহি বুলি বায়ু ভক্ষি নিদ্ৰা পৰিহৰি৷
মাধৱক আৰাধন্ত কষ্টব্ৰত ধৰি৷৷
কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে কৃষ্ণ কথা৷
বোলা হৰি হৰি জন্ম নকৰিয়ো বৃথা৷৷৩১৫৷৷