|| পদ ||:
শুনিয়া পাছে দৈত্য শিশুজাক৷
প্ৰহ্লাদক হেন বুলিলা বাক৷৷
অন্তেষপুৰে থাকি মহাভাগ৷
কিমতে পাইলা নাৰদক লাগ৷৷৩৬২৷৷
কহিলা কেনে ঋষি তত্ত্বভেদ৷
কৰিয়ো আমাৰ সংশয় ছেদ৷৷
বুলিলা প্ৰহ্লাদে হেন বচন৷
শুনা পূৰ্ব্ব কথা বালকগণ৷৷৩৬৩৷৷
যৈসানি পিতৃ তপস্যাক গৈল৷
দেখি দেৱগণ সংশয় ভৈল৷৷
জানিল পিতৃক খাইলেক উঁই৷
নগৰ বেঢ়িয়া লগাইল জুই৷৷৩৬৪৷৷
দানৱগণ ভয় ভৈল বৰ৷
পুত্ৰভাৰ্য্যা এৰি দিলা লৱৰ৷৷
মিলিল দৈত্যৰ আপদ ঘোৰ৷
ইন্দ্ৰে ধৰি নিলে মাতৃক মোৰ৷৷৩৬৫৷৷
আপুন স্থানক নেন্ত আজুৰি৷
কান্দন্ত সতী মুখে বস্ত্ৰ জুৰি৷৷
পাৰৈ আৰ্ত্তৰাৱ ৰাজমহিষী৷
দেখিয়া বুলিলা নাৰদ ঋষি৷৷৩৬৬৷৷
ইহাক এৰা এৰা সুৰপতি৷
একে পৰস্ত্ৰী আৰো মহাসতী৷৷
মাতিল ইন্দ্ৰে নাৰদক পাছে৷
এইৰ উদৰে শিশু এক আছে৷৷৩৬৭৷৷
তাক মাৰি দিবো এইক মেলানি৷
শুনিয়া নাৰদে বুলিলা বাণী৷৷
নিষ্পাপ পুৰুষ আছে গৰ্ভত৷
সাক্ষাতে ইটো মহাভাগৱত৷৷৩৬৮৷৷
তোমাৰ মাৰিবে নাহি শকতি৷
এৰিল হেন শুনি সুৰপতি৷৷
মাতৃক পাছে প্ৰদক্ষিণ কৰি৷
স্বৰ্গক গৈলন্ত মোক সাদৰি৷৷৩৬৯৷৷
মাতৃক ঋষি আশ্ৰমত থৈলা৷
আশ্বাস কৰিয়া বুলিবে লৈলা৷৷
যাৱদেকে নাসে তোমাৰ স্বামী৷
নিৰ্ভয়ে থাকিয়ো পালিবো আমি৷৷৩৭০৷৷
শুনিয়া মাৱে ভয় পৰিহৰি৷
থাকিল ঋষিক শুশ্ৰূষা কৰি৷৷
দয়ালু নাৰদ পিতৃ সমান৷
মাতৃক দিলন্ত পৰম জ্ঞান৷৷৩৭১৷৷
ভক্তিৰ লক্ষণ সৱে কহিল৷
গৰ্ভতে মোক উপদেশ দিল৷৷
মাতৃ পাসৰিল লভিয়া স্বামী৷
ঋষিৰ প্ৰসাদে সুমৰো আমি৷৷৩৭২৷৷
কহিলো তোমাত সৱে স্বৰূপ৷
জানি হিয়ে চিন্তা কৃষ্ণৰ ৰূপ৷৷
আতপৰে ধৰ্ম্ম লোকত নাই৷
কেতিক্ষণে পৰে ক্ষণিক কায়৷৷৩৭৩৷৷
এৰিয়ো আত অহম্মম ভাৱ৷
দৃঢ় কৰি ধৰা কৃষ্ণৰ পাৱ৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে৷
হৰি হৰি বোলা সমস্ত নৰে৷৷৩৭৪৷৷