|| পদ ||:
নৃসিংহে বোলন্ত হাসি শুনিয়ো প্ৰহ্লাদ৷
দিবাক নলাগে তোক ইসৱ প্ৰসাদ৷৷
পৰম বৈষ্ণৱ তই পুত্ৰ ভৈলি যাৰ৷
একৈশ পুৰুষ তাৰ কৰিলি নিস্তাৰ৷৷৪৫৯৷৷
যৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ৷
কীট পতঙ্গকো তথা কৰয় পৱিত্ৰ৷৷
নকৰে প্ৰাণীক হিংসা নাহি একো স্পৃহা৷
আমাত অৰ্পণ কৰে আপুনাৰ দেহা৷৷৪৬০৷৷
ভকততে শ্ৰেষ্ঠ তই পাইলি বাঞ্ছা সিদ্ধি৷
কৰিয়ো পিতৃৰ প্ৰেতকাৰ্য্য যেন বিধি৷৷
মোতে চিত্ত দিয়া কাৰ্য্য কৰিয়ো সন্তোষে৷
তেৱে কি কৰিবে আৰ সংসাৰৰ দোষে৷৷৪৬১৷৷
নৃসিংহৰ আদেশে প্ৰহ্লাদ দৈত্যৰাজ৷
কৰিলন্ত পিতৃৰ যতেক প্ৰেতকাজ৷৷
ব্ৰহ্মায়ে দেখন্ত পাছে নৃসিংহ প্ৰসন্ন৷
ত্ৰিদশে সহিতে উঠি বুলিলা বচন৷৷৪৬২৷৷
দেৱ দেৱ জগন্নাথ কৰো নমস্কাৰ৷
পাপিষ্ঠক মাৰি প্ৰীতি সাধিলা আমাৰ৷৷
মোত বৰ পায়া কাকো কটাক্ষ নকৰে৷
আচৰিলে দ্ৰোহ মহা দৈত্যে জগতৰে৷৷৪৬৩৷৷
তাহান তনয় মহাবৈষ্ণৱ প্ৰহ্লাদ৷
গুচাইলা তোমাৰ ক্রোধ মিলাইলা আহ্লাদ৷৷
নৃসিংহে বোলন্ত ব্ৰহ্মা শুনিয়ো উত্তৰ৷
আউৰ বাৰ দৈত্যক নিদিবা হেন বৰ৷৷৪৬৪৷৷
স্বভাৱে দুৰ্জ্জন দৈত্য একোৱে নমানে৷
যেন বিষ বাঢ়য় সৰ্পৰ দুগ্ধ পানে৷৷
এহি বুলি নৰসিংহ ভৈলা অন্তৰ্দ্ধান৷
প্ৰহ্লাদে কৰিলা ত্ৰিদশক বহুমান৷৷৪৬৫৷৷
প্ৰথমতে ব্ৰহ্মাক নমিলা দৈত্যেশ্বৰ৷
শঙ্কৰকো প্ৰণামিলা আত অনন্তৰ৷৷
জানন্ত বিষ্ণুৰ অংশ আন যত দেৱ৷
এক স্থানে সৱাকো কৰিলা পৰি সেৱ৷৷৪৬৬৷৷
পাছে শুক্র আদি কৰি মুনিগণ যত৷
উঠিলন্ত ব্ৰহ্মা লৈয়া সৱাকো লগত৷৷
প্ৰহ্লাদক কৰাইলন্ত ৰাজ্য অভিষেক৷
দিলা সৱে অধিকাৰ পিতৃৰ যতেক৷৷৪৬৭৷৷
দৈত্য দানৱৰ ৰাজা ভৈলন্ত প্ৰহ্লাদ৷
স্বৰ্গে গৈলা দেৱগণ দিয়া আশীৰ্ব্বাদ৷৷
শুকমুনি বোলন্ত শুনিয়ো পৰীক্ষিত৷
কহিলো তোমাত সৱে প্ৰহ্লাদ-চৰিত৷৷৪৬৮৷৷
নৃসিংহৰ লীলা ইটো বধ দৈত্যেন্দ্ৰৰ৷
প্ৰহ্লাদৰ পুণ্য কথা শুনে যিটো নৰ৷৷
তাহাৰ মৃত্যুৰ হন্তে নাহি আৰ ত্ৰাস৷
অপ্ৰয়াসে ছিণ্ডে সংসাৰৰ কৰ্ম্মপাশ৷৷৪৬৯৷৷
শুনা সৰ্ব্বজন কহে কৃষ্ণৰ কিঙ্কৰে৷
নাহি আন ধৰ্ম্ম আউৰ কীৰ্ত্তনত পৰে৷৷
বৈকুণ্ঠক যাইবা যেৱে সংসাৰক তৰি৷
নিৰন্তৰে ডাকি ঘুষিয়োক হৰি হৰি৷৷৪৭০৷৷
জয় জয় নাৰায়ণ সংসাৰ কাৰণ৷
যোগীগণে সেৱা কৰে যাহাৰ চৰণ৷৷
যাহাৰ মায়াৰ গতি নজানন্ত কেৱ৷
হেন হৰি চৰণে কৰিলো মঞি সেৱ৷৷৪৭১৷৷
হৰি পদ যুগল ধৰিয়া এক মনে৷
কৃষ্ণৰ কীৰ্ত্তন কৰিয়োক সৰ্ব্বজনে৷৷
হেন জানিয়োক হৰি চৰণেসে গতি৷
প্ৰহ্লাদ চৰিত্ৰ এহিমানে সমাপতি৷৷৪৭২৷৷