|| পদ ||:
দানৱ ফুৰন্তে যেৱে আছে৷
দেখি খঙ্গে নৰসিংহে পাছে৷৷
কম্পাই শিৰ কেশৰ উল্লাসি৷
তুলিলা আটাস ঘোৰ হাসি৷৷৪১১৷৷
স্বৰ্গকো ভেদিল ঘোৰ ৰিঙ্গে৷
বেগে চাম্প দিলা নৰসিংহে৷৷
আলগতে দৈত্যক ধৰিল৷
নাহি মাত চেতন হৰিল৷৷৪১২৷৷
সৰ্পে যেন ধৰিল ইন্দুৰ৷
নিশৱদ দানৱ দ্বন্দুৰ৷৷
সাধিবাক লাগি দেৱকাজ৷
দ্বাৰৰ কৰিলা তাক বাজ৷৷৪১৩৷৷
চিত কৰি উৰুত থাপিলা৷
নখে তাৰ হিয়া বিদাৰিলা৷৷
যেহেন সৰ্পক পাৱে ভিৰি৷
গৰুড়ে পেলাইলা ঠোঠে ছিৰি৷৷৪১৪৷৷
চক্ষু পকাই দৈত্য অন্তকাৰী৷
চেলেকন্ত জিহ্বায়ে কৱাৰি৷৷
ৰুধিৰে দিগিধ দেহা হুই৷
শিৰত মেৰাইলা আন্ত দুই৷৷৪১৫৷৷
দেখি দৈত্যকটক কিটাইল৷
অস্ত্ৰ শস্ত্ৰ ধৰি ক্রোধে ধাইল৷৷
নৃসিংহে পেলাইলা দৈত্যেন্দ্ৰক৷
গৈলা খেদি দানৱগণক৷৷৪১৬৷৷
কাকো নখে কৰি দুই ছিৰ৷
টোকৰে ছিণ্ডিলা কাৰো শিৰ৷৷
কাকো গোড়ে মাৰি ঘৰাকতি৷
সংহৰিল দানৱ পদাতি৷৷৪১৭৷৷
দৈত্য জিনি তেজিলা আটাস৷
পলাৱে দিগ্গজ হুয়া ত্ৰাস৷৷
ঝঙ্কাৰন্তে শিৰৰ কেশৰ৷
উড়ায় সৱে বিমান স্বৰ্গৰ৷৷৪১৮৷৷
খলকে সাগৰ শ্বাস লাগি৷
বেগত পৰ্ব্বত পৰে ভাগি৷৷
নৃসিংহৰ চৰণৰ গতি৷
টলবল কৰে বসুমতী৷৷৪১৯৷৷
চক্ষুৰ ৰশ্মিত ভৈল ছন্ন৷
নিষ্প্ৰভ সমস্তে গ্ৰহগণ৷৷
দৈত্যেন্দ্ৰৰ দিব্য সিংহাসনে৷
বসিল নৃসিংহ কোপ মনে৷৷৪২০৷৷
খুজি আৰ নপান্ত যুঝাৰ৷
ক্রোধে মুখ দেখি অন্ধকাৰ৷৷
দেখি ত্ৰিজগতে ভৈল ভয়৷
আজি যোনো মিলয় প্ৰলয়৷৷৪২১৷৷
শুনি পাছে দৈত্যৰ নিৰ্য্যাণ৷
ৰঙ্গে আইল দেৱৰ বিমান৷৷
জোঙ্কাৰন্ত আকাশক ছানি৷
কৰে দেৱে দুন্দুভিৰ ধ্বনি৷৷৪২২৷৷
দেৱৰ সুন্দৰীগণ আসি৷
পুষ্প বৰিষন্ত হাসি হাসি৷৷
প্ৰধান গন্ধৰ্ব্বে গীত গাৱে৷
বিদ্যাধৰে মৃদঙ্গ বজাৱে৷৷৪২৩৷৷
অপেস্বৰাগণে কৰে নৃত্য৷
ভৈলন্ত ত্ৰিদশ কৃতকৃত্য৷৷
কহে কৃষ্ণ কিঙ্কৰ শঙ্কৰে৷
বোলা হৰি হৰি সৱ নৰে৷৷৪২৪৷৷