|| পদ ||:
ব্ৰহ্মাৰ বচন সাদৰি প্ৰহ্লাদে
ধীৰে ধীৰে গৈলা চলি৷
ভূমিত পৰিয়া বিষ্ণুক নমিয়া
শিৰে ধৰি কৃতাঞ্জলি৷৷
পাৱত পৰিয়া আছয় প্ৰহ্লাদ
দেখি নৰসিংহে হাসি৷
স্নেহত স্ৰৱয় নয়নৰ নীৰ
তুলিলা হাতে উল্লাসি৷৷৪৩৮৷৷
হস্তপদ্মে তাৰ পৰশিলা শিৰ
পৰম নিৰ্ভয় দিয়া৷
দেখি প্ৰহ্লাদৰ তনু ৰোমাঞ্চিত
আনন্দে দ্ৰৱিল হিয়া৷৷
হৰিষে লোতক স্ৰৱে প্ৰহ্লাদৰ
চৰণ চিন্তিয়া আছে৷
যুৰি দুয়ো হাত গদগদ মাত
স্তুতি কৰিলন্ত পাছে৷৷৪৩৯৷৷
ব্ৰহ্মা সিদ্ধ মুনি আজিও নজানে
পূজিবে তোমাৰ পাৱ৷
কিবা স্তুতি নতি কৰিবোহো আমি
অসুৰ ত্ৰূৰ স্বভাৱ৷৷
ধন জন তপ প্ৰভাৱে তোমাক
আৰাধিবে শক্য নাই৷
গজেন্দ্ৰে কেৱলে ভকতি কৰিল
পৰম আপদ পাই৷৷৪৪০৷৷
যিটো চণ্ডালৰ কায় বাক্য মনে
সদায়ে সুমৰে হৰি৷
আছে বাহ্ৰব্ৰত যিটো ব্ৰাহ্মণৰ
সি সি শ্ৰেষ্ঠ তাতো কৰি৷৷
সি সি মহাগৰ্ব্বী বিপ্ৰে আপোনাক
পৱিত্ৰ কৰিবে নাৰে৷
ভকত চণ্ডালে আপোনাকো তাৰে
সমস্ত কুল উদ্ধাৰে৷৷৪৪১৷৷
তুমি জগজীৱ তোমাত পূজিলে
মিলে আপোনাত যাই৷
যেন মুখশ্ৰীক প্ৰতিবিম্ব মুখে
দেখয় দৰ্পণ চাই৷৷
হেন জানি মই মতি অনুসাৰে
ভজিলো তোমাৰ পাৱ৷
ব্ৰহ্মা আদি দেৱ- গণ ডৰে মৰে
এৰিয়ো ক্ৰুদ্ধ স্বভাৱ৷৷৪৪২৷৷
ভয়ঙ্কৰ কোপ দেখিয়া তোমাৰ
প্ৰভু মোৰ ভয় নাই৷
সংসাৰ চক্রৰ নিকাৰ দেখিয়া
সদায়ে ধাতু উৰায়৷৷
তোমাৰ চৰণ ছত্ৰৰ ছায়াক
কৈসানিনো দিবা মোক৷
কহিয়ো উপায় কিমতে এৰাঞো
নিদাৰুণ দুঃখ শোক৷৷৪৪৩৷৷
তযু হস্তপদ্ম শিৰে দিলা মোৰ
কি ভৈল মহা আহ্লাদ৷
ব্ৰহ্মা হৰ লক্ষ্মী- দেৱীয়ো নপান্ত
তেসম্বো হেন প্ৰসাদ৷৷
সমস্ত ভূতৰে তুমিসি আতমা
হৃদয় পৰম গুৰু৷
তথাপি সেৱাৰ অনুসাৰে কৃপা
কৰা যেন কল্পতৰু৷৷৪৪৪৷৷
কিমতে ভকতি কৰো পঞ্চেন্দ্ৰিয়ে
পাঞ্চদিকে লাগি ধৰে৷
যেন গৃহস্থক অনেক সপত্নী
সকলে আকুল কৰে৷৷
ভৱ বৈতৰণী মাজে মজিলোহো
নেৰে মোক শোক ভয়৷
তোমাৰ চৰণে শৰণ পশিলো
কৃপা কৰা কৃপাময়৷৷৪৪৫৷৷
আৰো বহু বিধ স্তুতি কৰি আগে
প্ৰহ্লাদে পড়িয়া আছে৷
ভৈলন্ত প্ৰসন্ন ক্রোধ ভাৱ এৰি
হৰি হাসিলন্ত পাছে৷৷
প্ৰহ্লাদক চাই আনন্দে বোলন্ত
তিনিয়ো লোকৰ স্বামী৷
বোলা হৰি হৰি সংসাৰক তৰি
হুয়োক বৈকুণ্ঠগামী৷৷৪৪৬৷৷