|| পদ ||:
ষণ্ডামৰ্ক নামে দুয়ো শুক্রৰ তনয়৷
প্ৰহ্লাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয়৷৷
পঢ়ে আনো অসংখ্যাত দৈত্যৰ ছৱাল৷
মনত প্ৰহ্লাদে তাঙ্ক নমানন্ত ভাল৷৷৩২৯৷৷
একদিনা দৈত্যেন্দ্ৰে পুত্ৰক কোলে লই৷
কিবা পঢ়ি আছা বুলি আনন্দে সোধয়৷৷
কাক ভাল মান বাপ কহিয়ো সত্বৰে৷
বুলিলন্ত প্ৰহ্লাদে পিতৃক অনন্তৰে৷৷৩৩০৷৷
শুনা পিতৃ ইটো গৃহ অন্ধকূপ সৰি৷
তপোবনে একচিত্তে আৰাধিয়ো হৰি৷৷
সংসাৰ সাগৰে ভাল নাহি আত পৰে৷
হেন শুনি হাসি পাছে মাতে দৈত্যেশ্বৰে৷৷৩৩১৷৷
কোনবা বৈষ্ণৱে আক কৰে বুদ্ধি ভেদ৷
ভালমতে শিশুক পঢ়ায়ো অবিচ্ছেদ৷৷
শুনি ষণ্ডামৰ্কে প্ৰহ্লাদক ঘৰে আনি৷
হাসিয়া পুছন্ত বাপ কহ সত্যবাণী৷৷৩৩২৷৷
কোনে তোক হেন বিপৰ্য্যয় বুদ্ধি দিল৷
কিবা তোৰ মনত আপুনি সম্পজিল৷৷
শুনিবাক ইছা কহ কুলেৰ নন্দন৷
প্ৰহ্লাদে কহিল কৰি কৃষ্ণক বন্দন৷৷৩৩৩৷৷
ব্ৰহ্মা আদি কৰি যত দেৱতা পণ্ডিত৷
যাহাৰ পন্থত হোন্ত মায়ায়ে মোহিত৷৷
যাৰ মায়া বিভৱৰ নাহি পৰিচ্ছেদ৷
হেন হৰি কৰন্ত আমাৰ বুদ্ধি ভেদ৷৷৩৩৪৷৷
চুম্বকৰ কাছে লোহা ভ্ৰমে যেন ঠানে৷
ভিন্ন ভৈল বুদ্ধি মোৰ বিষ্ণু সন্নিধানে৷৷
এহি বুলি গুৰুক প্ৰহ্লাদ মৌন ভৈল৷
শুনি ষণ্ডামৰ্কে তাক গৰ্জিবাক লৈল৷৷৩৩৫৷৷
আন বেত কোবাই মাৰো অ'ৰে দুৰাচাৰ৷
মন্দবুদ্ধি আমাৰ অনাইলি খিলিঙ্কাৰ৷৷
উপজিলি তই দৈত্য কুলৰ কণ্টক৷
ভৈলি বিষ্ণুপক্ষ ক্ষয় কৰিলি কুলক৷৷৩৩৬৷৷
এহিমতে অনেক উপায়ে দেখাই ভয়৷
প্ৰহ্লাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয়৷৷
জানিলেক শাস্ত্ৰ গুৰু মনে হেন জানি৷
দৈত্যেন্দ্ৰৰ আগে প্ৰহ্লাদক দিল আনি৷৷৩৩৭৷৷
পিতৃৰ চৰণে পৰি আছে মহামতি৷
দুই হাতে তুলি আশ্বাসিলা দৈত্যপতি৷৷
কোলাত বৈসাই ঘনে ঘনে ঘ্ৰাণি শিৰ৷
হাসি প্ৰহ্লাদত কথা সোধে মহাবীৰ৷৷৩৩৮৷৷
কিবা সুশোভন পাঠ পঢ়ি আছা তাত৷
গুৰুত শিখিলা কিবা কহিয়ো আমাত৷৷
শুনিয়া প্ৰহ্লাদে পাছে কহন্ত সাদৰি৷
পাতক ছাড়োক ডাকি বোলা হৰি হৰি৷৷৩৩৯৷৷