গুৰু ভটিমা

জয় গুৰু শঙ্কৰ   সবৰ্ব গুণাকৰ

যাকেৰি নাহিকে উপাম৷

তোহাৰি চৰণকু   ৰেণু শতকৌটি

বাৰেক কৰোঁহোঁ প্ৰণাম৷৷

দৰশিত সুন্দৰ   গৌৰ কলেৱৰ

যৈছন সুৰ পৰকাশ৷

সকল সভাসদ   ৰঞ্জন যাকেৰি

দৰশনে পাপ বিনাশ৷৷

বিনে অঙ্গভূষণ   পেখি সুশোভন

গহীন গম্ভীৰ ধীৰ মতি৷

আয়ত কমল   নয়ন বৰ সুন্দৰ

বয়ন চান্দকহু জ্যোতি৷৷

লীলা গজগতি   গমন বিলোকন

বাণী মেঘ-গম্ভীৰ৷

পাশণ্ড-মৰ্দ্দন    কলিকো কালে

যাকু সম নাহি ধীৰ৷৷

যোহি নাৰায়ণ   মায়াক বিস্তাৰি

কৰু ত্ৰিজগত নিৰমাণ৷

সনক সনাতন   যোগী যাকেৰি

মহিমা কবহু নজান৷৷

সকল চৰাচৰ   পালনকাৰী

যো হৰি দেৱক দেৱা৷

চতুৰ বয়ন শিৱ   সুৰপতি যাকেৰি

কৰু নিত্য চৰণহি সেৱা৷৷

চাৰি বেদ সৱ   শিৰোমণি মাজে

যাকেৰি চৰণ বিকাশ৷

সোহি দেৱক   কয়লি কলিকো

শঙ্কৰ দেৱ পৰকাশ৷৷

ত্ৰিভুৱন-বন্দন    দৈৱকী-নন্দন

যো হৰি মাৰল কংস৷

জগ-জন-তাৰণ    দেৱ নাৰায়ণ

শঙ্কৰ তাকেৰি অংশ৷৷

মায়া নৰতনু    ধৰি হৰি ভকতি

কয়লি বহু পৰচাৰ৷৷

সৱ নৰ পাপ   পয়োধি মজ্জল

তাহে কয়লি উদ্ধাৰ৷৷

অৱনিশি চাৰি    বেদ বিচাৰি

বেকত কৰু হৰি-নাম৷

যাকেৰি বয়নে   মিলাই গাই

পাই মনোৰথ কাম৷৷

পণ্ডিত মানি    বেদ বখানি

গৰৱ কয়লি সৱ চূৰ৷

গীত কৱিত্ব গুণ   শঙ্কৰ দেৱৰ

কীৰিতি গয়ো বহু দূৰ৷৷

শ্ৰীযশ দান   মান ভূত দায়া

সৱ গুণ সম্পন্ন ঠিক৷

ভকতক ভকতি    দানে কৰে গুৰু

দায়া তনয় অধিক৷৷

হৰিকহু মূৰুতি    গুৰুতি মন মগন

মজ্জল আনন্দ-সিন্বুূ৷

ঐছন নিৰমল   হৃদয়ে বিকশিত

ভকত কুমুদকুল ইন্দু৷৷

নিজ কুল তাৰি   ভকতি বিস্তাৰি

বান্ধল হৰিগুণ সেতু৷

কলিযুগে পাপ   পয়োধি সৱ নৰ

তাৰ কাৰণ হেতু৷৷

ভকতি-ভাণ্ডাৰ   দ্বাৰসৱ ছোড়ি

মুকুতি কয়লি উদাস৷

একশৰণ হৰি    নাম-ধৰম কহো

ৰাজা কৰু পৰকাশ৷৷

কি কহব শঙ্কৰ    দেৱৰ মহিমা

জানি জ্ঞানী অন্ত নপাই৷

যাকেৰি চৰণক    ৰেণু শিৰে পৰশি

মুকুতি সুখে সুখে পায়৷৷

মাধৱ দীন    মূৰুখমতি কহয়

বাণী শুন সৱ লোই৷

বিনে গুৰু-চৰণে    ভকতি ৰকতি

মুকুতি কবহু নহোই৷৷

ওহি পৰম তত্ত্ব    বেদকো বাণী

জানি নৰ নকৰ বিৰাম৷

ধৰমক কৰমক    গৰৱক ছোড়ি

ডাকি বোলহু ৰাম ৰাম৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত