শুনা সাৱধানে আৱে সৱে সভাসদ

[শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধৰ (আদি ছােৱা) ছবি ছন্দৰ কৃষ্ণ উদ্ধৱ সংবাদ ” খণ্ডৰ পৰা উদ্ধৃত। (শ্লোক : ২৭০-২৭৫)] 

শুনা সাৱধানে আৱে সৱে সভাসদ । 
পাপৰ অন্তক মহাভাগৱত পদ৷। 
ভাগ্যে ভৈলা আসি ইটো কলিত প্ৰচাৰ। 
শ্ৰৱণ মাত্রকে কৰৈ সংসাৰৰ পাৰ।৷ 
ই সি শাস্ত্রে প্রকাশিলে ঈশ্বৰ কৃষ্ণক। 
যাহাত ভজিলে তৰি যাতনা নৰক।৷ 
হেন দেৱ তেজি যিটাে আন দেৱ পূজৈ৷ 
ৰাক্ষস অসুৰ সেহি একোৱে নুবুজৈ৷৷ 
আন দেৱ এৰে কৰৈ কেশৱক সম। 
জানিবাহা সি সি জন পাতকী পৰম৷। 
হুইবেক বিষ্ঠাৰ কীট জন্মে জন্মে মৰি। 
অৰ্জ্জুনতো গীতাত কহিলা দেৱ হৰি৷। 
জানিয়া কৃষ্ণত কৰা একান্ত ভকতি। 
বিনা জ্ঞানে কৰ্ম্মে কৃষ্ণে সাধিৱন্ত গতি।৷
হেন বন্ধু মাধৱক নিচিনা অদ্যাপি। 
সৱে এড়ি ধৰা কৃষ্ণ চৰণত চাপি।৷
পাইলে লাগ ভাগ্যে ভকতিক যিটোজন। 
তাৰ ক্ষুদ্র কৰ্ম্মত কমন প্রয়োজন।৷
অমৃতৰ সাগৰত ক্রীড়ৈ যিটাে প্রাণী। 
তাক এৰি সি কি আৰ খাইবে খাৰ পানী।৷ 
জানিবাহা সমস্তে শাস্ত্ৰৰ ইসে মজা। 
আন ধৰ্ম্ম কিঙ্কৰ নামেসে তাৰ ৰাজা।৷ 
কৃষ্ণৰ কিঙ্কৰে কহে এৰা আন কাম। 
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।