[শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধৰ (আদি ছোৱা) পদ ছন্দৰ ধেনুকাসুৰ বধৰ পৰা উদ্ধৃত। (শ্লোক : ৫৬৩-৫৬৭)]
শুনা সৰ্ব্বজন ইটাে কৃষ্ণৰ চৰিত্ৰ।
আতপৰে পুণ্য আন নাহিকে কলিত।৷
আন ধৰ্ম্মকৃষ্ণৰ লগতে গুচি গৈল।
একস্থান হুয়া হৰিনাম মাজে ৰৈল।৷
এতেকেসে নামতে সমস্তে পুণ্য পাই।
জানিয়া যতনে ফুৰা হৰিনাম গাই।৷
নামেসে সাধিবে সৱে মনোৰথ সিদ্ধি।
জানিবাহা হৰিৰ নামেসে নৱনিধি।৷
নামে তপ জপ যজ্ঞ নামে যোগ ধ্যান।
নামে দান পুণ্য নামে কোটি তীর্থস্নান।৷
নামে ধন জন বন্ধু নামে পিতা মাতা।
নামে নিজ সুহৃদ নামেসে গতিদাতা।৷
ইহ পৰলোকে নাম বিনে আন নাই।
চাৰিয়ো বেদৰ ইসে মোক্ষ অভিপ্ৰায়।৷
হেন জানি নামৰ চৰণে চাপি ধৰা।
গৃহতে থাকিয়া সুখে সংসাৰক তৰা৷।
কৃষ্ণৰ নামেসে ৰাজা সমস্তে ধৰ্ম্মৰ।
সুমৰন্তে নাম সিজৈ ধৰ্ম্ম নিৰন্তৰ।৷
কৃষ্ণৰ কিঙ্কৰে কহে ভাগৱত মত।
বোলা হৰি হৰি জুই লাগোক পাপত।।