[শ্ৰীমদ্ভাগৱতৰ প্ৰথম স্কন্ধৰ পদ ছন্দৰ “ভীষ্ম-মোক্ষ উৎসৱ কথন’ খণ্ডৰ পৰা উদ্ধৃত (শ্লোক : ১৫৩-১৫৭)]
শুনা সভাসদ পদ-মহাভাগৱত।
হৃদয়ত বিচাৰি কথাৰ লৈবা তত্ত্ব।৷
ই শাস্ত্ৰত কহে দেৱ এক নাৰায়ণ।
তাহান ভকতি যশ শ্ৰৱণ কীৰ্ত্তন৷।
আক এক শৰণ নিশ্চয় চিত্ত কৰি।
আতি অপ্ৰয়াসতে যাতনা তাপ তৰি৷।
কৃষ্ণৰ সেৱাত কিছু নাহিকৈ ভাগৰ।
নাম মাত্ৰ লৈলে তৰি সংসাৰ সাগৰ।৷
কৃষ্ণ মোৰ আত্মা কৃষ্ণ সুহৃদ নিশ্চয়।
কৃষ্ণকেসে পাইলে অণুমাত্ৰ নাহি ভয়।৷
এহি তত্ত্ব জানৈ যিটো সেহি মহাজ্ঞানী।
সেহি মহাগুৰু সেহিজন চক্ৰপাণি।৷
হেন জানি ভকতিত কৰিয়ো বিশ্বাস।
অথিৰ জীৱন ধন জন গৃহবাস।৷
ক্ষণিকতে নথাকৈ মেঘৰ যেন ছদ্ম।
আৰ অৰ্থে নেৰিবা কৃষ্ণৰ পাদপদ্ম।৷
কাল অজগৰে গিলে তিলেকে মৰণ।
কৃষ্ণৰ চৰণে লৈয়ো সত্বৰে শৰণ।৷
কৃষ্ণৰ কিঙ্কৰে কহে ইসে তত্ত্ব সাৰ।
বোলা ৰাম ৰাম হীেক পুৰুষ উদ্ধাৰ।৷