কৃষ্ণৰ কিঙ্কৰে ভণে শুনিয়োক সৰ্ব্বজনে

[শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধ আদি ছোৱাৰ ছবি ছন্দৰ সুদৰ্শন বিদ্যাধৰৰ মুক্তি’ খণ্ডৰ গোপী সৱৰ গীত খণ্ডৰ পৰা উদ্ধৃত। (শ্লোক : ১৬৩০-১৬৩১)]

কৃষ্ণৰ কিঙ্কৰে ভণে         শুনিয়োক সৰ্ব্বজনে 
ভাগৱত শাস্ত্ৰৰ সন্মত। 
কত কোটি পুণ্যৰাশি         ইটাে জীৱে সঞ্চি আসি 
নৰ দেহ লভৈ ভাৰতত। 
দেৱৰাে দুৰ্ল্লভ জন্ম         পায়া যিটো নৰাধম 
কৃষ্ণ গুণনাম নুসুমৰৈ৷ 
সিটো আপোনাক বঞ্চৈ         পঞ্চম পাতক সাঞ্চৈ 
যেন আত্মঘাত কৰি মৰৈ৷ 
জানি এৰা আন কৰ্ম্ম         কলিত কীৰ্ত্তন ধৰ্ম্ম 
হৰিনাম জগত উদ্ধাৰ। 
শাস্ত্ৰৰো এহিসে         মজা নামেসে পুণ্যৰ ৰাজা 
আন ধৰ্ম্ম কিঙ্কৰ ইহাৰ।
দিনে দিনে টুটে আয়ু     কৈত পৰৈ প্ৰাণ বায়ু 
হেলা এৰি ধৰা গুণনাম।
কৃষ্ণ হৰি ৰড়ি মুখে     বৈকুণ্ঠ লভিবা সুখে 
নিৰন্তৰে বোলা ৰাম ৰাম।