শুনা সভাসদ পদ মহাভাগৱত

[শ্ৰীমদ্ভাগৱতৰ একাদশ স্কন্ধৰ কৃষ্ণ উদ্ধৱ সংবাদ’ পদ ছন্দৰ পৰা উদ্ধৃত। (শ্লোক : ৪৫৩-৪৫৮)]

শুনা সভাসদ পদ মহাভাগৱত। 
নাহি সুখ শান্তি তাপময় বিষয়ত।৷
দেখিয়োক কেনে মহা মহন্তৰাে দুখ। 
জানিয়া হুয়োক আৱে কৃষ্ণত সমুখ।৷
তপ ধৰ্ম্ম আচৰি স্বৰ্গক লাগি যাই। 
শুনিয়োক কেনে স্বৰ্গবাসীৰ বিলাই।৷
নাৰকীৰ শুনে সদা যাতনা আন্টাস। 
কেতিক্ষণে পৰে তৈত নেৰাই ইটো ত্ৰাস৷। 
নাহি তুষ্টি ভুঞ্জে যদি বস্তু দেৱভোগ। 
কাটিবাৰ বন্দীক খুৱাৱে যেন ভোগ৷। 
পুণ্য ক্ষয় ভৈলে যিটাে সেৱে দিব্য নাৰী। 
বিমানৰ তেসম্বে পেহ্লাৱয় ঢঙ্কা মাৰি।৷ 
দেৱ পূজি যিটাে কাটি আছে হংস ছাগ। 
অস্ত্ৰ ধৰি সিটো সিবিলাত লোৱে লােগ।৷
কাটে খোঞ্চে কাঢ়ে মোট মোঢ়ে বেঢ়া হানে। 
খাসি ঘাড় মোছৰন্তে ছাৰে পৰি প্ৰাণে৷। 
যাতনা ভুঞ্জিবে লাগি মৰি মৰি জীৱে৷ 
কাক গৃধ্ৰুে মাংস ছিণ্ডি তাৰ তেজ পিৱে৷। 
ত্ৰাহি ত্ৰাহি বুলি কৰে আকৰ্ণ শৱদ।
দেখা ধৰ্ম্মী কৰ্ম্মী নেড়াই যাতনা আপদ৷। 
জানিয়া সত্বৰে লৈয়ো কৃষ্ণত শৰণ। 
কৃষ্ণ গুণ নাম কৰা শ্ৰৱণ কীৰ্ত্তন৷। 
তেবেসে এৰাইবা ঘোৰ সংসাৰৰ পাপ। 
বোলা ৰাম ৰাম তৰা যাতনা সন্তাপ৷।