[শ্ৰীমদ্ভাগৱতৰ একাদশ স্কন্ধৰ ত্ৰয়োবিংশ অধ্যায়ৰ বিদুৰ-মৈত্ৰেয় সংবাদৰ পৰা উদ্ধৃত দুলড়ী ছন্দৰ উপদেশ। (শ্লোক : ৬৮৪-৬৮৭)]
শুনা নৰ লোক কৃষ্ণ কথা ইটাে
মৰণ আৱে নেদেখা ।
পিতৃ মাতৃ ভাতৃ ভাৰ্য্যা যায় মৰি
কিসক আগে নেলেখা।৷
ধন জন যত শৰীৰ সহিতে
এথাতে থাকিব পাৰি।
দাৰুণ কিঙ্কৰে নিবে যম ঘৰে
গলত লগায়া জৰি।।
ভুঞ্জাইবে যাতনা হেৰাইবে চেতনা
বিষম যমৰ পুৰ।
আউৰ পুনৰপি মনুষ্য হৈবাহা
ইটাে আশা কৰা দূৰ।
ভাৰত বৰিষ কলিযুগ ইটাে
হৰি নাম নৰকায়।
চাৰিৰ সংযোগে মহাভাগ্য ভৈল
আউৰ আছা বাট চাই।৷
নামৰ কীৰ্ত্তনে মোক্ষ পদ পায়
কি ভৈল আনন্দ আতি।
নাম সুমৰণে পাপীয়ো এৰাই
দুৰ্ঘোৰ যমৰ শাস্তি।
উপৰি পুৰুষ চতুৰ্ভুজ ৰূপে
বৈকুন্ঠত লৱে ঠাই৷
হেন হৰি নাম হেলাত নধৰি
আৱে অধোগতি যায়৷।
নাহিকে জগৰ নলাগে ভাগৰ
তথাপি নাম নধৰে।
কিনো হতবুদ্ধি কোচতে আষুধি
আছন্তো চিতনি মৰে।৷
শাস্ত্ৰৰ সন্মত নেৰিবা মনত
কলিত বান্ধৱ নাম।
কৃষ্ণৰ কিঙ্কৰে ৰচিলা শঙ্কৰে
ডাকি বোলা ৰাম ৰাম।৷