[শ্ৰীমদ্ভাগৱতৰ একাদশ স্কন্ধৰ চতুর্থ অধ্যায় দুলড়ী ছন্দৰ কৃষ্ণ উদ্ধৱ সংবাদৰ পৰা উদ্ধৃত। (শ্লোক : ১৩১-১৩৪)]
শুনা নৰলোক মহন্তৰ শোক
দেখা দুখ কেনমত।
ধন জন যত জীৱন যৌৱন
জানা সৱে অশাশ্বত।৷
পুত্ৰ পৰিবাৰ সৱেয়ো অসাৰ
নাটেক টাটেক মায়া।
ক্ষণেক থাকিয়া ক্ষণেকে অন্তৰৈ
সম্যকে মেঘৰ ছায়া।৷
কেতিক্ষণে পড়ৈ নৰতনু ইটাে
জীৱন জলৰ ৰেখা।
সততে চিন্তিয়ো কৃষ্ণৰ চৰণ
মৰণ এভো নেদেখা৷৷
দেৱে তীর্থে যাক তাডিৱে নপাৰৈ
পাতেকত গৈল তল ।
হৰিনামে পাইলে তেখনে উদ্ধাৰৈ
দেখা ভকতিৰ বল।৷
দুৰাচাৰো যেৱে হৰিনাম লৱৈ
সিয়ো শুদ্ধ হােৱৈ আতি।
কৃষ্ণক স্মৰণে হোৱয় তেখনে
অন্ত্যজো উত্তম আতি৷।
বিষয়ৰ দোষে বাধিবে নপাৰৈ
ভকতি পাতেক হৰৈ।
আছোক উত্তম ভকতৰ কথা
সামান্য ভকতো তৰৈ।৷
ভকতিৰ দেখি আশ্চৰ্য মহিমা
হৰিও ভৈলা বিস্ময়।
হেন জানি ইটো হৰিৰ নামত
তেজিও সৱে সংশয়৷।
দেৱৰ পৰম ঈশ্বৰ মাধৱ
ধৰ্ম্মৰো ঈশ্বৰ নাম।
সুদৃঢ় বিশ্বাস কৰি নিৰন্তৰে
ডাকি বোলা ৰাম ৰাম।৷