[মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ ৰচিত ‘ভক্তি ৰত্নাৱলী” পুথিৰপৰা উদ্ধৃত ]
শুনা সভাসদ গণ যুগুতি বচন।
হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ৷।
মহন্তৰ মুখে কথা শুনা প্রথমত।
তেৱেসে পুৰুষে পাৱেভকতিৰ তত্ত্ব।৷
কথা শুনিলেসে গুচে মনৰ সংশয়।
কৃষ্ণৰ সেৱাত ৰতি তেৱেসে বাঢ়য়।৷
জানি হৰি কথা শুনা মহন্তৰ মুখে।
বোলা ৰাম ৰাম তেৱে তৰিবাহা সুখে।