[শ্ৰীমদ্ভাগৱত দশম স্কন্ধ (আদি দশম)ৰ পদছন্দৰ “বলভদ্ৰ আৰু ব্ৰহ্মাৰ মোহী” খণ্ডৰ পৰা উদ্ধৃত। (শ্লোক : ৪৮২-৪৮৭)]
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বজন।
জল বুদবুদ যেন অথিৰ জীৱন।৷
ধন জন বন্ধু যত সৱে অকাৰণ।
এই আছে এই নাই সম্যক সপোন।৷
আৰ অৰ্থে নৰতনু নকৰিয়াে বৃথা।
একচিত্তে মনে শুনা মাধৱৰ কথা।৷
লভি আছা জন্ম যিটাে ব্ৰহ্মাৰ বাঞ্ছনী।
নিবিকা কাঁচৰ মোলে মৃত্যু সঞ্জীৱনী।৷
উদ্ধৱত আপুনি কহিলা ভগৱন্ত।
পৰম চতুৰ সি সি মনুষ্য মহন্ত৷।
তেজি নিজধৰ্ম্ম যিটো মোক ভজৈ মাত্র।
অনিত্য শৰীৰে ভৈলা মুকুতিৰ পাত্র।৷
শুনা সাৱধানে আৰো কহিলো সাক্ষাত।
ব্ৰহ্মভুৱনতো নেৰাই মৰণৰ হাত।৷
যদি ব্ৰহ্মলোক পাৱৈ মহাযত্ন কৰি।
ব্ৰহ্মাৰ ঘৰৰ হন্তে কালে আনে ধৰি।৷
দুৰন্ত কালৰ হাত নেৰাই একোমতে।
তনু উপজন্তে মৃত্যু উপজে লগতে।৷
একেতিলে যমদূতে লগায়া চমক।
বান্ধি জৰপুৰ কৰি দেখাইবে যমক।৷
যমৰ মূৰ্ত্তিক দেখি হৰাইবে চেতনা।
দুৰ্ঘোৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা।৷
জানি দুখ-সাগৰ তৰিতে কৰা কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম৷।