ক্ষণে ক্ষণে আয়ু যায় তথাপি চেতন নাই 

[শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধৰ বৎসাসুৰ-বকাসুৰ বধৰ ত্ৰয়োবিংশ অধ্যায় ছবি ছন্দৰপৰা উদ্ধৃত (শ্লোক : ৩৫৪)]

ক্ষণে ক্ষণে আয়ু যায়         তথাপি চেতন নাই 
কিনো বিপৰীত ভৈল মায়া। 
একতিলে মৰি যায়         এই আছে এই নাই 
সম্যকে মেঘৰ যেন ছায়া।৷ 
জানিয়া একান্ত মতি         ভকতিত কৰা ৰতি 
ছাড়া চাৰ ভাষভুষ কাম। 
সমস্তে দুখক বঞ্চা         অক্ষয় পুণ্যক সঞ্চা 
নিৰন্তৰে বোলা ৰাম ৰাম।৷