কৃষ্ণৰ চৰিত্ৰ শুনিয়োক সৰ্ব্বজন

কৃষ্ণৰ চৰিত্ৰ শুনিয়োক সৰ্ব্বজন। 
জল বুদ বুদ্ৰ যেন অথিৰ জীৱন।৷
ধন জন বন্ধু যত পুত্র প্রাণ জায়া। 
সমস্তে অবস্তু যেন ইন্দ্ৰজাল মায়া।৷ 
দুখময় সংসাৰত সীেকাৰ্য্য কিঞ্চিত। 
বিষ কলাসৰ যেন মুখত অমৃত।৷
হেন বিষয়ত কেনে কৰাহা বিশ্বাস। 
অমৃতক তেজি যেন বিষে কৰা গ্ৰাস।৷
পৰম অজ্ঞানী যেন কিৰাতীসকলে। 
মুকুতাক তেজি গুঞ্জামণি পিন্ধৈ গলে।৷ 
হৰিভক্তি এৰি যিটো আন কৰ্ম্ম কৰে। 
জানিবা পাইলেক তাক সেহি পটন্তৰে৷৷
হেন জানি হৰিৰ চৰণে দিয়া চিত। 
কৰা পান ৰামনাম পৰম অমৃত।৷
কেতিক্ষণে পৰৈ প্ৰাণইটো জন্ম যায়। 
বোলা ৰাম ৰাম আতপৰে গতি নাই।৷