কেশৱৰ লীলা ইটো শুনা সভাসদ

[শ্ৰীমদ্ভাগৱতৰ তৃতীয় স্কন্ধৰ পদ ছন্দ ‘অনাদি পতনৰ ‘ত্ৰিমূৰ্ত্তিৰ প্ৰতি ভগৱানৰ আদেশ’ অংশৰপৰা উদ্ধৃত (শ্লোক : ১৯০-১৯৫)]

কেশৱৰ লীলা ইটো শুনা সভাসদ। 
পাতক অন্তক মহাভাগৱত পদ৷। 
যত ধৰ্ম্ম কৰ্ম্মযজ্ঞ আৰ অনুচৰ৷ 
আত নাহি গতি আৰ কলিৰ লোকৰ৷। 
হেন জানি কৃষ্ণৰ চৰণে দিয়া মতি। 
জানিবা হৰিসে পৰলোকৰ যে গতি৷।
ভকত জনৰ নিজ সুহৃদ মাধৱ। 
জানিবা হৰিষে পৰলোকৰ বান্ধৱ।। 
ইহেন মনুষ্য জন্ম বৃথা যায় আয়ু৷ 
কৈত কেতিক্ষণে পৰে ইটাে প্রাণ বায়ু।৷ 
যত দেখা ভাৰ্য্যা-পুত্ৰ সৱে অকাৰণ৷ 
চাই মাত্র থাকে কালে ধৰে যেতিক্ষণ৷। 
যম যাতনাক তৰিবাৰ কৰা কাম। 
শঙ্কৰে ৰচিলা ডাকি বোলা ৰাম ৰাম।৷