শুনিয়োক সৰ্ব্বজন কৃষ্ণৰ চৰিত্ৰ

[শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধৰ (আদি দশম) পদ ছন্দৰ ‘বসুদেৱ দৈৱকীৰ বিবাহ'খণ্ডৰ পৰা উদ্ধৃত। (শ্লোক : ৪৩-৪৭)]

শুনিয়োক সৰ্ব্বজন কৃষ্ণৰ চৰিত্ৰ। 
আতপৰে আউৰ পুণ্য নাহিকে কলিত।৷
লভি আছা জন্ম যিটাে ব্ৰহ্মাৰ বাঞ্ছিত। 
জানি যত্নে কৰা পান কৃষ্ণ কথামৃত৷। 
ক্ষণিক শৰীৰ বিলম্বত কাৰ্য নাই। 
চিন্তামণি জন্ম হেৰা হাততে হৰাই৷। 
নাহিকে চেতন কাল অজগৰে গিলে। 
ধন জন জীৱন যাইবেক এক তিলে।৷ 
যত দেখা ভাৰ্য্যা পুত্ৰ সৱে অকাৰণ। 
চাই মাত্র থাকে কালে ধৰে যেতিক্ষণ৷। 
বিষয়ৰ সুখ এক তিলে কৰি চুৰ। 
যমৰ কিঙ্কৰে ধৰি নিবে যমপুৰ।৷
যমৰ মূৰ্ত্তিক দেখি হেৰাইবে চেতনা। 
দুৰ্ঘোৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা৷। 
হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ। 
তেবেসে তৰিবা ঘোৰ সংসাৰ নিকাৰ।৷
বিচাৰি শাস্ত্ৰত পাইবা এহিসে যুগুতি। 
কৃষ্ণৰ নামেসে সাধে ভুকুতি মুকুতি।৷
কলিৰ পৰম ধৰ্ম্ম জানা হৰি নাম। 
শঙ্কৰে ৰচিলা ডাকি বোলা ৰাম ৰাম।৷