[শ্ৰীমদ্ভাগৱতৰ একাদশ স্কন্ধৰ পঞ্চম অধ্যায়ৰ পদ ছন্দৰ কৃষ্ণ উদ্ধৱ সংবাদৰ পৰা উদ্ধৃত (শ্লোক : ১৯০-১৯৫)]
শুনা সভাসদ পদ মহাভাগৱত।
এহি কথা কৈলা কৃষ্ণে গীতাৰ অন্তত।৷
সর্ব ধৰ্ম্ম এড়ি এক শৰণ সাক্ষাত।
সুদৃঢ় বিশ্বাসে সখি লৈয়োক আহ্মাত৷।
নকৰিবা ভয় হেৰা কৰোঁ অঙ্গীকাৰ।
সমস্তে পাপতে মই কৰিবোঁ নিস্তাৰ।৷
অৰ্জ্জুনতো এহিসে কহিলা হৰি তত্ত্ব।
ঈশ্বৰ কৃষ্ণৰ আৱে লৈয়োক সন্মত।৷
চাৰিবেদ ৰামায়ণ পুৰাণ ভাৰত।
হৰিকেসে কৱৈ মাত্র সমস্তে শাস্ত্ৰত৷।
ইহাক নজানি আন কৱৈ অল্পমতি।
কদাচিতো নুশুনিবা সিসৱ সন্মতি।৷
পাতকীৰো কৰ্ম্ম আছে শুনি মৰি ঘিণে ।
কলিযুগে গতি নাহি হৰিনাম বিনে।৷
কৃষ্ণৰ নামেসে কৰৈ পতিতৰাে গতি।
নামৰ মহিমা আৱে শুনিয়ো সম্প্রতি।৷
যিটো জনে যাই মাধৱৰ নাম ধৰি।
পাচে পাচে ফুৰৈ দেৱ দেৱী তুতি কৰি৷।
মূৰ্ত্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি।
মোক লৈয়ো বাপ বুলি কৰয় কাকুতি৷।
পাপসংহাৰক হৰিনাম মহাবলী।
যাৰ ধবনি শুনি কম্পি পলাই পাপ কলি৷।
জগতৰে পৰম সুহৃদ হৰিনাম।
জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম।৷