কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত

[শ্ৰীমদ্ভাগৱতৰ তৃতীয় স্কন্ধ দুলড়ী ছন্দ ‘অনাদি পােতন’ৰ চতুর্থ অধ্যায় জ্যোতিশ্চিক্ৰৰ কথা অংশৰ পৰা উদ্ধৃত (শ্লোক :২২৯-২৩০)]

কৃষ্ণৰ চৰিত্ৰ         পৰম অমৃত 
আতপৰে নাহি আন।
কৌটি কৌটি         তীর্থ যজ্ঞ জপ তপ 
সৱেয়ো নুহি সমান।
কৃষ্ণ গুণ নাম         ধৰ্ম্ম অনুপাম 
আক সাৰ কৰি ধৰা।
যত দেৱ ধৰ্ম্ম        দুৰতে তেজিয়া
কৃষ্ণত ভকতি কৰা৷৷
হেন তত্ব জানি        চিন্তা চক্ৰপাণি
অনাদিৰ অান কাম৷
কৃষ্ণৰ কিঙ্কৰে        ৰচিলা শঙ্কৰে
ডাকি বোলা ৰাম ৰাম৷৷