শুনিয়োক সভাসদ কলিত সদগতি হোক

শুনিয়োক সভাসদ    কলিত সদগতি হোক  
কৃষ্ণৰ কথাত দিয়া চিত্ত ।
পৰম মধুৰ ৰস     মাধৱৰ নাম যশ 
জানা ইসে পৰলোক বিত্ত ৷৷
পুত্র দ্বাৰা গৃহবাস     মিছা আত অভিলাষ 
সবে সপোনৰ নিধি প্ৰায় ।৷
যত দেখা ধন ধান    যাইবে যেতিক্ষণে প্ৰাণ 
সঙ্গে এক ৰতিও নাযায়৷৷ 
শৰীৰাে থাকিবে পৰি     অকলেসে যাইবা লৰি 
বিষম যাতনা যম ঘৰে ।
গুণি চােৱা স্থিৰ মতি     কৃষ্ণ বিনে নাই গতি 
লৈয়ো তান্ত শৰণ সত্বৰে ৷৷
যাৰ নাম শুনি ডৰিঃ     কাম্পৈ মৃত্যু থৰ থৰি
সুখে দুখে ধৰা তান নাম।
অদ্যপি নুগুণা মনে     কৃষ্ণৰ কিঙ্কৰে ভণে
নিৰন্তৰে বোলা ৰাম ৰাম৷৷