নামৰ মহিমা কহন্তে কেশৱে

[মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ বিৰচিত ‘ভক্তি প্ৰদীপ’ শাস্ত্ৰৰ নাম মহিমা’ খণ্ডৰ পৰা উদ্ধৃত (শ্লোক : ২১৩-২১৪)]

নামৰ মহিমা         কহন্তে কেশৱে 
আপুনো বিস্ময় ভৈলা। 
শৰীৰ ৰোমাঞ্চ         বচন নোহ্রই 
নিচুকি তম্ভিয়া ৰৈলা৷। 
শুনা সভাসদ         সদায় ঈশ্বৰ 
কৃষ্ণৰ মুখৰ কথা। 
চাৰিও বেদৰ         ইসে সাৰোত্তৰ 
জানিবা আক সৰ্বথা।৷ 
দেৱৰ মধ্যত         দৈৱকী নন্দন
ধৰ্ম্মৰ মধ্যত নাম।
দুইত পৰে তিনি         নাই নাই নাই 
ভকত পূৰণ কাম।৷
জানিয়া কৃষ্ণৰ         চিন্তিয়ো চৰণ 
মুখত নেৰিবা নাম।
কেতিক্ষণে কৈত         মৰণ মিলয় 
ডাকি বোলা ৰাম ৰাম।৷