শুনিয়োক সভাসদ মহাভাগৱত পদ 

[শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধৰ (আদি ছােৱা) ছবি ছন্দৰ উগ্ৰসেনৰ পুনৰ সিংহাসন লাভ” খণ্ডৰ পৰা উদ্ধৃত। (শ্লোক : ২১৪১-২১৪৩)]

শুনিয়োক সভাসদ         মহাভাগৱত পদ 
কৃষ্ণকথা সংসাৰতে সাৰ। 
জগত নিস্তাৰ হেতু         ভৈলন্ত গৰুড়কেতু 
পৃথিৱীত বেকত ইবাৰ।৷
কৃষ্ণৰ চৰিত্ৰ গুণ         শুনন্তে মুকুতি পাই 
কীৰ্ত্তনে পৰম পদ পাই। 
জানি জ্ঞানী জ্ঞান এৰি         গুণ নাম গাৱৈ বেঢ়ি 
ধৰ্ম্ম কৰ্ম্ম একোৱে নচাই।৷ 
বাল্মীকি আছিলা চোৰ         এৰাইলা পাতক ঘোৰ 
এহি ৰাম নামৰেসে পদে। 
এহিটাে নামক ঘুষি         ভৈলন্ত পৰম ঋষি
দেখা দাসীতনয় নাৰদে ।৷
মহাপাপী অজামিল         সিয়ো নামে নিস্তৰিল 
বৈকুণ্ঠত উঠিল বিমানে। 
জানি এৰা আন ধান্ধা         নামক গলত বান্ধা 
যাৱত চেতন আছৈ মানে।৷ 
যাৰ নাম কীৰ্ত্তনত         তপ জপ তীৰ্থ ব্ৰত 
সিজৈ সৱে সিয়ো অৱিকলে৷ 
যতেক পৰম জ্ঞান         যাগ যোগ যজ্ঞ দান 
পাৱৈ ফল নামত সকলে।৷
হেনয় পৰমানন্দ         মাধৱক স্মৰা নিতে 
চৰণত কৰিয়া প্ৰণাম। 
কৃষ্ণৰ কিঙ্কৰে কবি         ৰচিলা শঙ্কৰে ছবি 
নিৰন্তৰে বোলা ৰাম ৰাম।৷