দেৱ ভটিমা

পৰম পুৰুষ   পুৰাতন পাপী

পাৱন ঈশ্বৰ দেৱ৷

ব্ৰহ্মা ৰুদ্ৰ   আদি দিক্‌পাল

যাকু কৰত নিত্য সেৱ৷৷

যক্ষ ৰক্ষ   বিপক্ষ লক্ষ

লক্ষ ক্ষয়ঙ্কাৰী৷

দুষ্ট দৈত্য দানৱ   দলন দীন দাৰিদ্ৰ্য

দুঃখ ভয়হাৰী৷

অঘ বক কুৱলয়   ধেনুক কেশী

কংসনাশী বনমালী৷

গোপী পীন-পয়োধৰ   ঘৰিষণ চঞ্চল

কৰ যুগশালী৷৷

আনন্দ-সিন্বুূ   সাধুজন বন্বুূ

মধুৰ মূৰুতি মুৰনাশী৷

বিৰিন্দা-বিপিন   বিহাৰ বিশাৰদ

শাৰদ ইন্দু নিন্দি পৰকাশী৷৷

কোটি মদন-মন   মোহনৰূপী

পৰশন পৰমানন্দ৷

সিদ্ধ-মুনিবৃন্দ   সাদৰ বন্দিত

যাকৰ এ পৰদ্বন্দ্ব৷৷

পালন প্ৰলয়া   সৃজনা জগতক

যাহেৰি পৰম বিহাৰ৷

যাসু নাম ধৰি   অধম পাতকী

পাৱত ভৱ-নদী-পাৰ৷৷

সোহি গোপালক   কেলি নাটক

ওহি মুকুতি-নিদান৷

ভো ভো সভাসদ   সাধুজন সৱ

শুন মন কয় সাৱধান৷৷

কলিকো পাপহৰ   নাহি অতঃপৰ

জানি তেজহু আন কাম৷

কহ কৃষ্ণ-কিঙ্কৰ   আপুন উদ্ধৰ

ডাকি বোলহু ৰাম ৰাম৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত