[শ্ৰীমদ্ভাগৱতৰ একাদশ স্কন্ধৰ দ্বিতীয় অধ্যায় দুলড়ী ছন্দৰ ব্ৰহ্মাদি দেৱতাসকলৰ দ্বাৰকা গমন’ অধ্যায়ৰ পৰা উদ্ধৃত। (শ্লোক : ৬৫-৬৯)]
শুনা নৰ লোক মুকুতি মিলোক
কৃষ্ণত ভকতি কৰা।
যমপুৰ তৰা আপোন নিস্তাৰা
পুৰুষ সৱে উদ্ধাৰা।
পিতৃ মাতৃ কুলে যতেক পুৰুষ
আছে নৰকত পৰি।।
ঐত পুত্ৰে হৰি ভকতি কৰন্তে
স্বৰ্গলোকে যাই লড়ি।
দধি দুগ্ধ মধু ধাৰায়ে বহৱৈ
পিতৃ পিৱৈ পেট ভৰি।
স্বৰ্গবাসী মধ্যে বন্ধন্তে ফুৰয়
অনেক আস্ফোট কৰি।
তৰিলো তৰিলো সুপুত্ৰৰ পদে
দেখ অৰে স্বৰ্গবাসী।
হষ্ট পুষ্ট হুয়া হৰিষে বসিয়া
হাসন্ত দন্ত প্রকাশি।
পুত্ৰ সমে পাছে চৰি বিমানত
সুখে বঞ্চে বৈকুণ্ঠত।
মিলয় মুকুতি ভুঞ্জয় ভুকুতি
ভকতিৰ প্ৰসাদত।
হৰি-ভকতিৰ আশ্চর্য মহিমা
কমনে কহিতে পাৰি।
পতিত পাতকী চাণ্ডালো নিস্তৰে
পুৰুষ সৱে উদ্ধাৰি।
হেন প্রাণবন্ধু মাধৱৰ পাৱে
নকৰে যিটো ভকতি।
তাহাৰ সমান নাহিকে পাতকী
গৈল সিটো অধোগতি।
যিটাে নিজ মাতৃ পুত্ৰক প্ৰৱন্ধে
বান্ধে মোহ পাশে ডাটি৷
ভক্তি মাতৃ পাইলে তেখনে মেলাৱে
সিটো মোহ জৰি কাটি৷৷
জানিয়া ভকতি মাতৃৰ পাৱত
ধৰা তেজি অান কাম৷
সংসাৰ সাগৰে তৰিবাহা সুখে মুখে
বোলা ৰাম ৰাম৷৷