[শ্ৰীমদ্ভাগৱতৰ একাদশ স্কন্ধৰ দুলড়ী ছন্দৰ ‘পাণ্ডৱ নিৰ্য্যাণ’ খণ্ডৰ পৰা উদ্ধৃত। (শ্লোক : ৮২১-৮২৮)]
শুনা সভাসদ পদ কৃষ্ণৰ চৰিত্ৰ।
আতপৰে পুণ্য আউৰ নাহিকে কলিত৷।
অসাৰ সংসাৰ চাড়াইহাত নমজি।
মহাসুখে হুয়ো পাৰ মাধৱক ভজি।।
অৰ্জ্জুনতো গীতাত কহিছা হৰি সাচ।
অপদেৱতাক পূজি হৈবেক পিশাচ৷৷
গ্রেতাৰ লগত ফুৰিবেক বলি খাই৷
আউৰ একো জন্মত তাহাৰ গতি নাই৷।
মঞি হেন ঈশ্বৰক নকৰিয়া সেৱ।
হংস ছাগ কাটি যিটাে পূজে আন দেৱ।৷
জানিবাহা সিটাে নৰ ৰাক্ষস অসুৰ৷
হিয়াত থাকন্তে মঞি তাহান্ত বিদূৰ।৷
হৰিনাম কীৰ্ত্তনৰ অগ্নিশিখা লাগি।
দেখিয়া ৰাক্ষসগণ পলাইবেক ভাগি৷।
মোৰ কথা শুনন্তে কৰ্ণত যেন বিন্ধৈ৷
ভকতক দেখিলে অৱশ্যে পাপী নিন্দৈ৷।
কদাচিতো মোহােৰ নকৱৈ নাম যশ৷
জানিবা অৰ্জ্জুন সেই মনুষ্য ৰাক্ষস৷৷
নৰকৰ পৰা তাক নেদো উঠিবাক৷
মঞি কালৰূপে হেৰা মেড়াই ধৰো তাক।৷
কৃষ্ণৰ চৰণ ইটাে মহালাভ জানি।
ঈশ্বৰৰো ঈশ্বৰ ভজিয়ো চক্ৰপাণি।৷
যাহাৰ সেৱাত পাৰ পাই মহাসুখে।
তাঙ্ক এৰি ভজৈ আন দেৱক মূৰুখে।৷
কিনো মুখ কিনো মুখ কিনো মুখ নৰ।
মোহে অন্ধ ভৈল কিনো অজ্ঞানী বৰ্ব্বৰ৷।
জগতৰ নাথ কৃষ্ণ আছন্ত বিয়াপি।
তাহাঙ্ক নভজি মৰৈ চিতনি তথাপি।৷
ইহেন মনুষ্য জন্ম যায় আলে জালে।
নাহিকে চেতন চুলে ধৰি আছে কালে।৷
কলিত নাহিকে গতি বিনা হৰিনাম।
কৃষ্ণৰ কিঙ্কৰে কহে বোলা ৰাম ৰাম।৷