শুনা সভাসদ মহাভাগৱত পদ

[শ্ৰীমদ্ভাগৱতৰ ষষ্ঠ স্কন্ধ তৃতীয় অধ্যায় পদ ছন্দৰ বিবিধ পাপৰ বিবিধ নৰক’ খণ্ডৰ পৰা উদ্ধৃত (শ্লোক:৬৬-৬৯)]

শুনা সভাসদ মহাভাগৱত পদ। 
নিকটতে আছৈ ঘোৰ মৰণ আপদ৷। 
নৰকৰ নিকাৰ শুনন্তে ধাতু যায়।
কেনে সুখে নিদ্ৰা আসে নিচিন্তা উপাই।৷ 
দিনে দিনে আয়ু টুটে মৃত্যু চাপে পাশ। 
চিন্তামণি জন্ম হেৰা ব্যৰ্থে ভৈল নাশ৷। 
পিতৃ মাতৃ তনয় আগতে মৰি যায়। 
কিনো অন্ধ তথাপি চেতন গাত নাই৷। 
উমান নপাৱা কাল অজগৰে গিলে। 
ধন জন জীৱন যাইবেক এক তিলে৷। 
মৰিবাক লাগে যাৰ তাৰ আন কায । 
মোৰ মোৰ কৰৈ কিনো নিঃশঙ্ক নিলাজ৷। 
নিচিন্তে নথাকা কালে ধৰিলেক পৰা। 
কৃষ্ণত বিমুখ যিটাে জীৱন্ততে মৰা৷। 
জানি পাপ সাগৰ তৰিতে কৰা কাম। 
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।৷