[মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ ৰচিত ‘ভক্তি ৰত্নাৱলী” পুথিৰপৰা উদ্ধৃত ]
শুনা সভাসদ সাধুজন স্থিৰ মনে।
লভিবা পৰম পদ শ্ৰৱণ কীৰ্ত্তনে।৷
মনুষ্যৰ শ্রেষ্ঠ ধৰ্ম্ম এহিমানে মাত্র।
দেখিয়াে বিচাৰি মহাভাগৱত শাস্ত্ৰ৷।
কলিত নাহিকে গতি বিনে হৰিনাম।
জানিয়া আলস্য ত্যজি বােলা ৰাম ৰাম৷