অপৰাধ ভঞ্জন ঘোষা : ১

নমো নমো নাৰায়ণ      প্ৰসন্ন হুয়োক হৰি

কৰিয়োক মায়াক নিৰ্য্যাণ৷

আপোনাৰ মহিমাক       আপুনি বেকত কৰি

জীৱক কৰা পৰিত্ৰাণ৷৷

তোমাৰ মায়ায়ে হৰি      কপট গুণক ধৰি

মুহি আছে আমাক সমূলি৷

গুচায়োক মায়া স্বামী      তোমাৰ চৰণে আমি

ভজিলোহো জয় জয় বুলি৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত