প্ৰথম যুগল পটলঃ শৰণ ছন্দ

যাদৱ যদুনন্দন     মাধৱ মধুসুদন এ
তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাত লৈলোঁ শৰণ (ঘুষিব লাগে)
ইবাৰ কৰুণাময়     হৰি কমলাপতি
মোৰে নাচাৰিবা নাৰায়ণ।
অৰুণ চৰণ তলে     হৰি কমলাপতি
অ সত্যে সত্যে পশিলোঁ শৰণ।(তাল ধিমাব)
হৰি চৰণত শৰণ লৈলোঁ এ হৰি নাৰায়ণ।
মানৱী জনম সফল কৈলোঁ এ হৰি নাৰায়ণ।।
        গোপাল গোবিন্দ যদুনন্দন।
    কৃষ্ণৰ চৰণে লৈলোঁ শৰণ।। (তাল ধিমাব)
হায় ৰাঘৱৰ অভয় চৰণে।
সত্যে সত্যে পশিলোঁ শৰণ।। (ঘুষিব লাগে)
(ও হায় এ সত্যে সত্যে বৰপেটাত গায়)
    ৰামৰ চৰণে শৰণ লৈলোঁ।(এ হৰি নাৰায়ণ)
    মানৱী জনম সফল কৈলোঁ। (এ হৰি নাৰায়ণ)

হৰি ও হৰি চৰণে লাগোঁ।
        অভয় চৰণে শৰণ মাগোঁ।
    ৰাম ৰঘুপতি ৰঘুনন্দন।
    তোমাৰ চৰণে লৈলোঁ শৰণ (ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত