দ্বাবিংশ যুগল পটল: শৰণ ছন্দ

* মোৰ প্রাণ বন্ধু গোবিন্দ         সেৱক কৰিয়া লৈয়ো।
আন একো কাম         নমাগো তোমাৰ,
ভৃত্যৰ সঙ্গত থৈয়ো।  *(ঘুষিব লাগে)
* চিদানন্দ ৰাম         সদানন্দ হৰি এ,
নিত্যানন্দ কৃষ্ণ মোক লৈয়ো দাস কৰি।।  *(ঘুষিব লাগে)
হৰি অ' তুমি আনন্দ সিন্ধু।
    হামো ভিক্ষাৰী মাগো এক বিন্দু।
মধুৰিপু ৰাম ৰঘুপতি
তোমাৰ চৰণে মোৰ গতি।।( তাল ধিমাব)
অৰুণ চৰণে দিয়ো ছায়া ৰাম ৰাম
    * তেৱেসে তৰিবো তযু মায়া।।  *(ঘুষিব লাগে)
* দান্তে তৃণ ধৰি হৰি চৰণত লাগো।
তযু কৃপাৰসৰ কণিকা এক মাগোঁ।।  *(ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত