প্ৰথম যুগল পটল: নাম ছন্দ

গোবিন্দ গোবিন্দ         গোবিন্দ গোবিন্দ
    গোবিন্দ ৰাম মুৰাৰি।
অনন্ত কোটি ব্রহ্মাণ্ডৰ         হৰি অধিকাৰী।। (ঘুষিব লাগে)

গোবিন্দ ৰাম মুৰাৰি         মুকন্দ ৰাম মুৰাৰি
ভকতি ৰোচন         দু:খ বিমোচন,
    ভকতৰ ভয়হাৰী।।
পৰম পুৰুষ         পৰম আনন্দ,
    পৰম গুৰূ মুৰাৰি।
অনাদি অনন্ত         অচ্যুত গোবিন্দ
    ভকতৰ ভয়হাৰী।। (তাল ধিমাব)
জয় যাদৱ এ এহে মোৰ প্রাণ জীৱেৰ জীৱণ নাৰায়ণ,
    ভকতৰ ধন তযু অৰুণ চৰণ। - (ঘুষিব লাগে)
ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি,     এহে ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি
  অ ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি জয় নাৰায়ণ।
ৰাম ৰাম ৰাম ৰাম ৰাম,         এহে ৰাম ৰাম ৰাম ৰাম ৰাম
    ৰাম ৰাম ৰাম, ৰাম ৰাম ৰাম,
* ৰাম ও হৰি ৰাম নিৰঞ্জন। (ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত