একবিংশ যুগল পটল: শৰণ ছন্দ

হৰি হৰি হৰি         ৰাম কৃষ্ণ ৰাম
নাৰায়ণ নাৰায়ণ।
* কৰা হৰি মোৰ         মায়া উপশম
নাৰায়ণ নাৰায়ণ *(ঘুষিব লাগে)
* গোপীনাথ ইবাৰ মোক নেৰিয়ো
তযু মায়াজাল         জঞ্জাল গুচায়া
চৰণে শৰণ দিয়ো।। *(ঘুষিব লাগে)
* গোপাল গোপাল পালয় কৃপাময়,
তুৱা পাৱে মোৰ মতি, ৰতি,যেন নছাৰায়।। *(ঘুষিব লাগে)
    হৰি, ৰাম ৰাঘৱ ৰঘুপতি এ,
    তুমি দেৱ অগতিৰ গতি-না এ।
তুৱা পদ কমলৰ         মকৰন্দ ৰসে ৰতি
কৰিয়া থাকোক মোৰ মতি না এ
হৰি জয় যাদৱ যদুপতি এ
তুৱা পাৱে পশিলো শৰণ না এ
ভাল কথা শুনি আছি         মনে লৈলো সাৰ বাছি
তুৱা নাম পতিত পাৱন না এ।
হৰি প্রাণ বান্ধৱ মাধৱ এ    
    দয়াশীল দৈৱকী নন্দন না এ।
* তুমি দেৱ দীনবন্ধু         কেৱলে কৰুণা সিন্ধু
কৰো তযু চৰণ বন্দনা এ ৷৷*(ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত