পঞ্চদশ যুগল পটল: শৰণ ছন্দ (কাকুতি)

পতিত পাৱন     বুলি নাৰায়ণ এ বাপ
পৰম পতিতে ডাকয় আতুৰ হৈয়া।
তযু বেদবাণী     আমি আছো শুনি এ বাপ
* মহা মহা পাপী তৰে তযু নাম লৈয়া *(ঘুষিব লাগে)

তুৱা গুণ নাম      অমৃত আশায় এ বাপ
তোমাৰ চৰণে বিকা গৈলো মুঢ়মতি।
চৰণত ধৰো      কাতৰ কৰো এ,বাপ
মই অনাথক নছাৰিৱা যদুপতি।।
তোমাৰ সেৱক      ভৈলোঁ নাৰায়ণ এ বাপ
নিশ্চয় তোমাৰ দিবাক লাগে প্রসাদ।
নিজ ভৃত্য কৰি     লৈলে গোপীনাথ এ বাপ
তযু কৃপাময় মিলয় কোন প্রমাদ।।
হে দয়াশীল      দেৱ দামোদৰ এ বাপ
তোমাৰ চৰণে বোলোহো কাকুতি বাণী।
মোক নিজ দাস      কৰি লৈলে হৰি এ বাপ
কহিয়ো কৃপালু তোমাৰ কি হয় হানি।।
পৰম কৃপালু      হৈয়া যদুপতি এ, বাপ
কোন অপৰাধে মোক ভৃত্য পৰিহৰা।
শাস্ত্রতো প্রসিদ্ধ      অজ্ঞানতো হৰি এ বাপ
যিটো নাম লৱে তাক মোৰ বুলি ধৰা।।
জ্ঞান শূণ্য আতি     পশু পক্ষী জাতি এ বাপ
তাকো অনুপ্রহ কৰি আছা কৃপাময়।
আকে জানি হৰি      শৰণ পশিলো এ বাপ
*আমাক তোমাৰ তেজিতে উচিত নয়।।*(ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত