দ্বাদশ যুগল পটল: শৰণ ছন্দ (কাৰুণ্য)

জগত গুৰু নাৰায়ণ     জগত গুৰু নাৰায়ণ
    মোৰ প্রভূ ৰাম কৃষ্ণ ৰাম অ. .
    হৰিতো হৰি ৰাম কৃষ্ণ ৰাম।
হায়, ৰাম কৃষ্ণ নিৰঞ্জন     ৰাম কৃষ্ণ নিৰঞ্জন
    দীন বন্ধু নাৰায়ণ এ
* অ তুমিতো প্রভূ অগতিৰ গতি।। *(ঘুষিব লাগে)
গোপীনাখ গোপীপাথ মোৰে কমলাকান্ত
    মোৰ প্রভূ ৰাম নাৰায়ণ অ,
অভয় চৰণ পাই পশিলোঁ শৰণ।।
অনাদি অনন্ত হৰি এ জীৱন বন্ধু
    ৰাম কৃষ্ণ কৰুণা সাগৰ অ,
    অনাথৰ নাথ দয়াশীল দামোদৰ।।
পৰম পুৰুষ প্রভূ এ পৰমানন্দ
    পৰম কাৰণ নাৰায়ণ অ
    ভকত ৰঞ্জন তযু অৰুণ চৰণ,
    অ অনন্ত অচ্যুত সদাশিৱ সনাতন।।
জয়তি জগত গুৰু এ গুণেৰে নিধি
    নিত্য নিৰঞ্জন-নিৰাকাৰ অ,
    তোমাৰ চৰণে সদা শৰণ আমাৰ।।
দৈৱকী নন্দন প্রভূ এ পৰম শুৰু
    দয়াশীল দেৱ নিৰঞ্জন অ,
    তযু পদ কমলে মজোক মেৰি মন।।
জগত জীৱন যদু এ যাদৱানন্দ
    জগত কাৰণ যদুপতি অ,
    তুমিসে কেৱলে নিজ ভকতৰ গতি।।
ভকত বৎসল প্রভূ এ ভকত বন্ধু
    ভকত ৰঞ্জন ভয়হাৰী
    ভকতৰ নিজগতি তুমিসে মুৰাৰি।।
* পতিত জনৰ গতি এ জগত পতি
    পতিত পাৱন ভগবন্ত অ,
পৰম ঈশৰ দেৱ অনাদি অনন্ত।। *(ঘুষিব লাগে) 


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত