চতুর্বিংশ যুগল পটল: নাম ছন্দ

|| ঘোষা ||: 

ও ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে।


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

ভগৱন্ত ভজিয়া পৰম গতি পাৱে।।
ভগৱন্ত নভজি চলয় যম ঠাৱে।।
ভগৱন্ত ভকতক শমনে নধাৱে।।
ভগৱন্ত ভজিয়া জনম বাহুৰাৱে।
আন যত সৱে মিছা ভক্তিৰ অভাৱে।।
জানিয়া ভজিয়ো ভাই ভগৱন্ত পাৱে।
* এহুৰস মাধৱ মুৰুখ মতি গাৱে।। *(ঘুষিব লাগ)

জয় হৰি গোবিন্দ     নাৰায়ণ ৰাম কেশৱ
হৰি ৰাম ৰাম কেশৱ হৰি।।
যদুমণি যাদৱ     যাদব যাদৱানন্দ হৰি।।
নৰহৰি গোবিন্দ গোবিন্দ গোবিন্দ ৰাম হৰি।।
* হৰি হে মাধৱ ৰাম হৰি হে যাদৱ ৰাম হৰি।।*(ঘুষিব লাগে)