সপ্তম যুগল পটল: শৰণ ছন্দ (নিন্দা)

হৰিৰ নামৰ কীর্ত্তন সুখ।
নজানে যিজন হৰি বিমুখ।
নকৰে কীর্ত্তন যিটো পামৰ।।
সিজন অধীন ভৈল যমৰ।।
হৰি শুণ নাম নলৱে মুখে।
যমৰ যাতনা ভুঞ্জিবে দু:খে।
নকৰে কীর্তন হৰি নামৰ 
 কি কার্য্যে মনুষ্য ভৈল পামৰ।।
হৰি কীৰ্ত্তনত নকৰে ৰতি।
পশুতাে অধম সিটো কুমতি||
নুফুৰে সদা হৰি গুণ গায়া।
জানিবা মুহিলে হৰিৰ মায়া।।
হৰি কীৰ্ত্তনত নেদিলে চিত্ত।
সিটো ভাগ্য শুন্য ভৈল বঞ্চিত।|
ৰামৰ নামেসে অমিয়া ঝুৰে।
ভকত জনৰ মনােৰথ পুৰে।।
ভকত সৱে ৰাম নাম গাৱে।
কাল মায়া ডৰে তৰ তৰাৱে।। (তাল ধিমাব)
এ ভাল ভাৰসা পায়া আছি, হৰি কৰুণাময়।
* ৰাম কৃষ্ণ কৃপাৰ ঠাকুৰ।
ৰাম বুলিতে পাপী তৰে হৰি কৰুণাময়।
* সকল আপদ হােৱে দুৰ।। * (ঘুষিব লাগে)
(বৰপেটাত ঘুষণীত * ও ৰাম কৃষ্ণ কৃপাৰ ঠাকুৰ, সকল আপদ হােৱে দূৰ - গায়।)

 


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত