দ্বিতীয় যুগল পটল: শৰণ ছন্দ (ভজন)

গোপীনাথ গোবিন্দ ৰাম কৃষ্ণ হৰিঅ
ভজোহোঁ তোমাৰ পদ কমলত ধৰি।  (ঘুষিব লাগে)
ভজোহোঁ গোবিন্দ তোমাৰ পায় ।
মোক নছাৰিবা সেৱক দায়।।
ৰাম কৃষ্ণ গোপীনাথ গোবিন্দ।  
সেৱোহোঁ তযু পদ অৰবিন্দ।।
প্রণত পালক দেৱ গোবিন্দ।
ভজোহোঁ তযু পদ অৰবিন্দ।
মোৰ প্রভু নাৰায়ণ এ,  হৰি হৰি, তোমাৰ চৰণে মনে ভজো।
তোমাক নাজানি ভৱসিন্ধু মাজে মজোঁ  (তাল ধিমাব)

* ভূৱন মোহন ৰাম, ভজিলো তোমাৰ পায়  ।
মহা মহা পাপী যাৰ নাম জপি উত্তম পদক পায়।  (ঘুষিব লাগে)
ৰাম কৃষ্ণ নাৰায়ণ     নিৰঞ্জন নিৰাকাৰ
নিৰ্বিকাৰ নিৰাময় হৰি
চিদানন্দ  সদানন্দ     পুৰুষ পৰমানন্দ
ভজোঁ  তুৱা চৰণত ধৰি ।
হৰি ৰাম বিভু প্ৰভূ অনন্ত দৈত্যাৰি। (ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত